/asomiyapratidin/media/media_files/2024/11/13/FhKkm2JJMVFQX9lMgKfW.png)
ডিজিটেল সংবাদ বিহালীঃ ৰাজ্যৰ পাঁচ বিধান সভা সমষ্টিত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া চলি থকাৰ সময়তে বিহালীৰ জিনজিয়া আৰক্ষী থানা এলেকাত বিশ্বনাথ জিলা আৰক্ষী-প্ৰশাসনে নিৰ্বাচনী বিধি ভঙ্গ কৰাৰ অভিযোগত আজি দিনৰ প্ৰায় ১২ বজাত চৰাইদেউ জিলা কংগ্ৰেছ সভাপতি উৎপল গগৈক আটক কৰে৷
/asomiyapratidin/media/media_files/2024/11/13/jqxYjBeZO2qGev8GBAMc.jpeg)
বিহালী কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰকাশ কৰা তথ্যমতে চৰাইদেউ জিলা কংগ্ৰেছ সভাপতি উৎপল গগৈয়ে বিহালীৰ জিনজিয়াৰ এগৰাকী সতীৰ্থ জৈনুল হ'ক মুল্লাৰ বাসগৃহত দুপৰীয়াৰ এসাজ ভাত খাবলৈ আহিছিল৷ ঠিক তেনে সময়তে বিশ্বনাথ আৰক্ষী জিলা প্ৰশাসনে চৰাইদেউ জিলা কংগ্ৰেছ সভাপতি উৎপল গগৈক বেআইনীভাৱে আটক কৰে বুলি অভিযোগ উত্থাপন কৰে৷
ইয়াৰ পিছতে লোকসভাৰ উপ-দলপতি, সাংসদ গৌৰৱ গগৈয়ে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, ডা°আচিফ নাজাৰসহ চৰাইদেউ জিলা কংগ্ৰেছ সভাপতি উৎপল গগৈসহ বিহালীৰ জিনজিয়া আৰক্ষী থানাত উপস্থিত হয়। তেওঁলোকে কংগ্ৰেছ নেতা উৎপল গগৈক কিয় আটক কৰা হৈছে সেই বিষয়ে জানিব বিচাৰি শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰি থানাৰ ভিতৰত অৱস্থান কৰে৷
/asomiyapratidin/media/media_files/2024/11/13/3hR6mKFreyb62S7BThY9.jpeg)
আনহাতে বাতৰি লিখাৰ পৰলৈকে বিশ্বনাথ জিলা আৰক্ষী প্ৰশাসনে চৰাইদেউ জিলা কংগ্ৰেছ সভাপতি উৎপল গগৈক মুকলি কৰি দিয়া নাই৷ বিপৰীতে আটকাধীন কংগ্ৰেছ নেতা উৎপল বৰাক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীৰে আৰক্ষী থানাৰ সন্মুখত শ-শ কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।
তেওঁলোকে আৰক্ষী থানাৰ বাহিৰত বিজেপি হায় হায়, বিজেপি গ বেক্, গৌৰৱ গগৈ জিন্দাবাদ, ৰঞ্জিত দত্ত মুৰ্দাবাদ আদি শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে৷ আনহাতে পৰিস্থিতি শান্ত কৰিবলৈ আৰক্ষীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈয়ে যদিও এগৰাকী সতীৰ্থৰ ঘৰত দিনৰ আহাৰ গ্ৰহণ কৰিব আহিছিল বুলি কংগ্ৰেছ কৰ্মীসকলে দাবী কৰিছে, তাৰ বিপৰীতে অৱশ্যে ভোটগ্ৰহণৰ সময়ত কংগ্ৰেছ নেতাগৰাকীক ভোটকেন্দ্ৰত প্ৰত্যক্ষ কৰাৰো দাবী উত্থাপন হৈছে। ভোটগ্ৰহণ চলি থকাৰ সময়ত তেওঁ প্ৰচাৰ চলোৱাৰ দৃশ্যও ভাইৰেল হৈ পৰিছে।
/asomiyapratidin/media/media_files/2024/11/13/15emup7uXU1tOs9NutlI.jpeg)
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us