কঠীয়াতলী বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ

কঠীয়াতলী বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
কঠীয়াতলী বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,কামপুৰঃ কঠীয়াতলী বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিদেৰ্শত মঙলবাৰে কঠীয়াতলী ব্লক কংগ্ৰেছ কমিটিয়ে কঠীয়াতলী বিদ্যুৎ উপ -সংমণ্ডল বিষয়াৰ কাৰ্যলয়ত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।

উল্লেখ্য যে, বৰ্দ্ধিত বিদ্যুৎ মাচুল বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ব্লক কংগ্ৰেছে। প্ৰতিবাদীসকলে কঠীয়াতলী বিদ্যুৎ উপ সংমণ্ডল বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

প্ৰতিবাদী কাৰ্যসূচীত কঠীয়াতলী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি দাৰুদুল ইছলাম, সাধাৰণ সম্পাদক খাইৰুল ইছলাম,দুলাল দেৱনাথকে ধৰি আন কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছীয়ে অংশগ্ৰহণ কৰে।

Also Read: কইনা নিবলৈ দৰা আহিল ট্ৰেক্টৰত

power division office congress