/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-5.jpg)
ডিজিটেল ডেস্ক: আজি ইডিৰ সন্মুখত হাজিৰ হব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ইডিৰ সন্মুখত হাজিৰ হোৱাৰ পূৰ্বেই নেতা গৰাকীৰ সমৰ্থনত দেশৰ বিভিন্ন প্ৰান্তত সমদল উলিয়াইছে কংগ্ৰেছ দলে।
গুৱাহাটাৰ ৰাজীৱ ভৱনতো কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰাজীৱ ভৱনত। আৰক্ষীৰ বেৰীকেত উফৰাই আগবাঢ়িব বিচাৰিছে প্ৰতিবাদকাৰী।
তেনে সময়তে প্ৰতিবাদলৈ আহি থকা অৱস্থাত আটক দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছ সভাপতি ভূপেন বৰা। লগতে কেইবাগৰাকী কংগ্ৰেছ নেতাকো আটক কৰে আৰক্ষীয়ে।