এইবাৰ বঢ়মপুৰত বিজেপিৰ বিধায়কৰ লগত সাংসদ প্ৰদ্যুৎ বৰদলৈ

নগাঁও সদৰ সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মাৰ পিছত কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক সোমবাৰে দেখা গ’ল বঢ়মপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামীৰ লগত ৷

author-image
Asomiya Pratidin
New Update
এইবাৰ বঢ়মপুৰত বিজেপিৰ বিধায়কৰ লগত সাংসদ প্ৰদ্যুৎ বৰদলৈ

ডিজিটেল সংবাদ,নগাঁও : নগাঁও সদৰ সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মাৰ পিছত কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক সোমবাৰে দেখা গ’ল বঢ়মপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামীৰ লগত ৷ দিন দিয়েক পূৰ্বে বিধায়ক ৰূপক শৰ্মাৰ লগত চৰকাৰী কাৰ্যসূচীত দেখা গৈছিল সাংসদ প্ৰদ্যুৎ বৰদলৈক ৷ পুনৰ বিজেপিৰ বিধায়ক জিতু গোস্বামীৰ লগত চৰকাৰী কাৰ্যসূচীত দেখা গ’ল কংগ্ৰেছৰ সাংসদ বৰদলৈক ৷

Advertisment

উল্লেখ্য এই যে কংগ্ৰেছে ধুবুৰীৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো পদ যাত্ৰাৰ বাবে নগাঁও জিলা কংগ্ৰেছে সোমবাৰে বিয়লি এক সংবাদমেলৰো আয়োজন কৰিছিল ৷ যথাসময়ত সংবাদমেল আৰম্ভ হ’ল যদিও সাংসদ প্ৰদ্যুৎ বৰদলৈক সংবাদমেলত কোনো সংবাদকৰ্মীয়ে প্ৰত্যক্ষ নকৰিলে ৷ বিধায়ক ৰকিবুল হুছেইন , নুৰুল হুদা আৰু শিবামণি বৰবৰা আদি সংবাদমেলত উপস্থিত থাকে ৷ সংবাদমেলত কংগ্ৰেছৰ সাংসদ বৰদলৈ উপস্থিত নথকাটো তাৎপৰ্যপূৰ্ণ ৷

সংবাদমেলত উপস্থিত নাথাকি দিনৰ ভাগত কংগ্ৰেছৰ সাংসদ বৰদলৈয়ে বঢ়মপুৰত বিধায়ক জিতু গোস্বামীৰ লগতহে উপস্থিত থাকে কেবাখনো চৰকাৰী সভাত ৷ জানিব পৰা মতে সাংসদ বৰদলৈ আৰু বিধায়ক গোস্বামীয়ে মিলি বঢ়মপুৰৰ ছটাকৈ নতুনকৈ নিৰ্মান হব লগা পথৰ আধাৰশিলা স্থাপন কৰে ৷

আধাৰশিলা স্থাপন কৰা পথ কেইটা হৈছে বঢ়মপুৰ আমনিৰ পৰা চলচলী বিৰহি গাঁও পথ সংযোগী পথলৈ ( ভেৰভেৰী শ্ৰী শ্ৰী মহা মৃত্যুঞ্জয় মন্দিৰ হৈ ), পি.ডি.বি. পথৰ পৰা আউনীআটী দলং হৈ ৩৭নং ৰাষ্ট্ৰীয় পথলৈ , বামুণীৰ পৰা হায়াংথল শিলফাটা হৈ নাহৰবাৰী লৈ, ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাঙলুৰ পৰা ননৈ গোঁসাইখাটলৈ, ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰিয়াগ্ৰান্ট টুবুকীৰ পৰা জুমুৰমুৰ হৈ নিজ কঠিয়াতলী লৈ আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভোটাইআটি হৈ কেচাআলি মুছলমান গাঁৱলৈ ৷ নতুনকৈ নিৰ্মাণ হʼব লগীয়া ৬ টাকৈ পথৰ ২০২২-২৩ বৰ্ষৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা-৩ৰ অধীনত আধাৰশিলা স্থাপন কৰা হয় ।

assam nagaon