/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/majuli-bjp-dr-baruah-jui-nhgreepet.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ,লামডিং: ৰেলনগৰী লামডিং পৌৰসভাৰ মুঠ ১৩ টা ৱাৰ্ডৰ চাৰিটা ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে বিজেপিত যোগদান কৰাৰ পিছতেই অন্য ৯ টা ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী সকলে নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখযোগ্য যে দুটা দিনৰ পূৰ্বে ১১ নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰূপশ্ৰী দেয়ে বিজেপিত যোগদান কৰিছিল আৰু ইয়াৰ পিছতেই শুকুৰবাৰে ১০ নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী সুমিতা মজুমদাৰে বিজেপিত যোগদান কৰে। পুনৰ শনিবাৰে ৯ নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাখী মালাকাৰ আৰু ১৩ নম্বৰ ৱাৰ্ডৰ শৰ্মী ৰয়ে বিজেপিত যোগাদান কৰে।
পৌৰসভাখনৰ ১৩ টা ৱাৰ্ডৰ চাৰিটাৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে বিজেপিত যোগদান কৰাৰ পিছতেই লামডিং পৌৰসভাৰ নিৰ্বাচনৰ পট পৰিৱৰ্তন ঘটে । শনিবাৰে লামডিং পৌৰসভাৰ বাকী ৯টা ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লয়।এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হোজাই জিলা কংগ্ৰেছৰ সভাপতিয়ে কয় যে-
বিজেপীৰ গুণ্ডাবাহিনীৰ আতংকত কংগ্ৰেছ প্ৰাৰ্থীয়ে বিজেপিত যোগদান কৰিবলৈ বাধ্য হৈছে ।তেওঁ কয় যে নিৰাপত্তাহীনতাত ভোগাৰ বাবেই প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ উঠাই লৈছে।
সামূহিক ভাৱে কংগ্ৰেছৰ সকলো প্ৰাৰ্থীয়ে মনোনয় পত্ৰ প্ৰত্যাহাৰ কৰি আগন্তুক পৌৰসভা নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।' আজি এখন সংবাদমেল অনুষ্ঠিত কৰি লামডিং ব্লক কংগ্ৰেছে প্ৰাৰ্থী সকলে পৌৰসভাৰ নিৰ্বাচন বৰ্জন কৰা সিদ্ধান্তৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে।
যোৱা ২৫ বছৰে পৌৰনিৰ্বাচনৰ ইতিহাসত এনে ৰাজনীতি দেখিব পোৱা গল বুলিও জনায় ৷ ইপিনে লামডিঙত গনতন্ত্ৰক হত্যা কৰা হৈছে বুলি মন্তব্য কৰিছে প্ৰাক্তন বিধায়ক স্বপন কৰে ৷ অন্যহাতে লামডিং শ্বহীদ ময়দানত লামডিংৰ বিজেপি বিধায়ক শিবু মিশ্ৰই এখন সংবাদ মেল অনুষ্ঠিত কৰি কয় যে-'বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে অনা অভিযোগ সম্পূৰ্ণ মিছা।
বিজেপিৰ উন্নয়ন আৰু আৰ্দশৰ প্ৰতি আকৰ্ষিত হৈহে কংগ্ৰেছৰ বহু প্ৰাৰ্থীয়ে বিজেপিত যোগদান কৰিছে। কংগ্ৰেছে পৌৰসভা নিৰ্বাচনত নিজৰ দলৰ নিশ্চিত পৰাজয়ৰ আশংকা কৰি লাজত বিজেপিৰ ওপৰত বদনাম জাপি দিছে আৰু নিৰ্বাচন বৰ্জন কৰিছে ।লক্ষ্যণীয় কথা যে ৰাজ্যৰ অন্যতম প্ৰধান বিৰোধী দল কংগ্ৰেছৰ প্ৰাৰ্থী সকলে লামডিং পৌৰসভাৰ নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্তই ৰাজনৈতিক গৰম বতাহ বহিছে।