NO exit! মেডাম ইজ ফিট: কংগ্ৰেছৰ সিদ্ধান্ত

NO exit! মেডাম ইজ ফিট: কংগ্ৰেছৰ সিদ্ধান্ত

author-image
asomiyapratidin
New Update
NO exit! মেডাম ইজ ফিট: কংগ্ৰেছৰ সিদ্ধান্ত

ডিজিটেল ডেস্ক: ৫ ৰাজ্যত কংগ্ৰেছৰ পৰাজয়ৰ পাছত ভৱা হৈছিল দিল্লীত অুষ্ঠিত দলটোৰ ৱাকিং কমিটিৰ বৈঠকত নেতৃত্বৰ সাল-সলনি হ'ব। গান্ধী পৰিয়ালৰ পৰা কংগ্ৰেছৰ নেতৃত্ব আন কোনো শীৰ্ষ কংগ্ৰেছ নেতাই লৈ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী ৰাজনীতিৰ যুদ্ধত অৱতীৰ্ণ হ'ব।কিন্তু কংগ্ৰেছৰ এই গুৰুত্বপূৰ্ণ বৈঠকত তেনে কোনো সিদ্ধান্ত নহ'ল। প্ৰায় ৫ ঘন্টা ধৰি অনুষ্ঠিত এই বৈঠকত সিদ্ধান্ত হ'ল যে কংগ্ৰেছ দলক ছোনিয়া গান্ধীয়েই নেতৃত্ব দিব।

উল্লেখ্য যে , কংগ্ৰেছৰ ধাৰাবাহিক নিৰ্বাচনী পৰাজয়ৰ পাছত ২৩ জন শীৰ্ষ কংগ্ৰেছ নেতাই ছোনিয়া গান্ধীলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্ৰত কংগ্ৰেছৰ নেতৃত্বৰ সলনি আৰু ৰণকৌশল পৰিৱৰ্ন কৰা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে হাই কামাণ্ড ছোনিয়া গান্ধীক অনুৰোধ কৰা হৈছিল। অৱশ্যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই গান্ধীৰ পৰিয়ালৰ অদলোহন কৰি তেনে কোনো ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত আছিল। পঞ্জাৱ, গোৱা, উত্তৰাখণ্ড, মণিপুৰ আদি ৰাজ্যত শেহতীয়াকৈ কংগ্ৰেছ বিধ্বস্ত হোৱাৰ পাছত পুনৰ কংগ্ৰছেৰ নেতৃত্ব পৰিৱৰ্তন আৰু উত্তৰ প্ৰদেশত প্ৰিয়ংকা গান্ধীৰ ৰণকৌশলে কাম নিদিয়া বুলি দলটোৰ শীৰ্ষ নেতৃত্বৰ মাজতেই আলোচনা হৈছিল।

কংগ্ৰেছৰ ৱাকিং কমিটিৰ বৈঠকৰ পূৰ্বে গোলাম নবী আজাদৰ বাসগৃহত এক বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকত গান্ধী পৰিয়ালৰ প্ৰতি আষ্ঠা নথকা কেইবাজনো শীৰ্ষ নেতা উপস্থিত আছিল। স্বয়ং গোলাম নবী আজাদেই এই মন্তব্য কৰিছিল যে কংগ্ৰেছৰ আজিৰ অৱস্থা দেখি তেওঁ বাকৰুদ্ধ হৈ পৰিছে।

কিন্তু সকলো জল্পনা-কল্পনা অন্ত পেলাই দলটোৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'লে যে ছোনিয়া গান্ধীয়েই দলৰ নেতৃত্বত থাকিব। কংগ্ৰেছ ৱাকিং কমিটিয়ে লোৱা সলদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও দলটোৰ নেতৃত্বৰ কোনো সলনি কৰা নহয় আৰু ছোনিয়া গান্ধীয়ে দলৰ অধ্য়ক্ষ হৈ থাকিব বুলি জানিব পৰা গৈছে।

sonia gandhi congress