অমৃত কলহ যাত্ৰাত অংশ লোৱাৰ অপৰাধত নিলম্বিত কংগ্ৰেছী

অমৃত কলহ যাত্ৰাত অংশ লোৱাৰ অপৰাধত নিলম্বিত কংগ্ৰেছী

author-image
Asomiya Pratidin
New Update
অমৃত কলহ যাত্ৰাত অংশ লোৱাৰ অপৰাধত নিলম্বিত কংগ্ৰেছী

ডিজিটেল ডেস্কঃ অমৃত কলহ যাত্ৰাত ভাগ লোৱাৰ অপৰাধত অসম প্ৰদেশ কংগ্ৰেছে নিলম্বন কৰিছে ২জনকৈ কংগ্ৰেছী নেতাক। গোৱালপাৰাৰ মাটিয়া ব্লক কংগ্রেছৰ সভাপতি আইনাল হক চৌধুৰী আৰু গোৱালপাৰা জিলা মহিলা কংগ্রেছৰ সভানেত্রী আফ্ৰুজা বেগমক নিলম্বন কৰা হৈছে।

Advertisment

মঙলবাৰে গুৱাহাটীস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা এক নিলম্বন নিৰ্দেশনাৰ যোগে এই কথা সদৰি কৰা হয়। উক্ত নিৰ্দেশনাখনত উল্লেখ থকা অনুসৰি, যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে কটু মন্তব্য কৰিছে, বিজেপি নেতাই কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ ফটো বিকৃতকৰণ কৰি তেখেতক ৰাৱনৰ অৱতাৰ বুলি প্ৰচাৰ কৰিছে।

সেই সময়ত উক্ত ২ নেতাই বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা এই জনসংযোগ কাৰ্যসূচীত যোগদান কৰি দলৰ ক্ষতি কৰিছে। লগতে তেওঁলোকৰ এই কাৰ্যই দলৰ অন্য কৰ্মকৰ্তাসকলকো মোহ ভংগ কৰিছে। গতিকে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশত দুয়োগৰাকী কৰ্মকৰ্তাকে তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে।

Also Read: অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন : চিলিং খহি আঘাতপ্ৰাপ্ত নাৰ্ছ

Amrit Kalaha Yatra