/asomiyapratidin/media/media_files/2025/02/20/pa4nv5XIlfZO2rYMHeUJ.jpg)
ডিজিটেল ডেস্কঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আঁতৰাই তেওঁৰ স্থানত গৌৰৱ গগৈক নিযুক্তি দিবলৈ দাবী জনাই তৎপৰ হৈছে কংগ্ৰেছৰ এক চক্ৰ। যোৱা বিধানসভা নিৰ্বাচনত পৰাজয়বৰণ কৰা কিছু কংগ্ৰেছৰ প্ৰাৰ্থী আৰু বৰ্তমান দলত নিস্প্ৰভ হৈ পৰা দুগৰাকীমান কংগ্ৰেছ নেতাই এই চক্ৰক নেতৃত্ব দিছে।
যোৱা কিছুদিন ধৰি প্ৰাণেশ্বৰ বসুমতাৰী আৰু ঘন বুঢ়াগোঁহাইৰ নেতৃত্বত এটা দলে কংগ্ৰেছ হাইকামাণ্ড আৰু সভাপতিৰ সাক্ষাৎ বিচাৰি দিল্লীত বাহৰ পাতিছে। দলটোৱে মুঠ ২৬ জন কংগ্ৰেছ নেতাৰ স্বাক্ষৰ যুক্ত এখন স্মাৰক পত্ৰ হাইকামাণ্ড দিবলৈ লৈ গৈছিল।
অৱশ্যে কেইবাদিনো বাহৰ পাতি থকাৰ পাছতো দিল্লীত কংগ্ৰেছৰ কোনো শীৰ্ষ নেতৃত্বই তেওঁলোকক সাক্ষাৎ নিদিলে। ফলত বুধবাৰে শেনটোৰ দৰে গৈ ফেঁচাটোৰ দৰে উভতি আহিবলগীয়া হল এই দলটো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us