/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/1ce3082d-472a-4017-84e3-7c210de2e354.jpg)
ডিজিটেল ডেস্কঃ ইলু ইলু গানটো শুনিছিলনে? এইবাৰ বদৰুদ্দিনৰ মুখত ইলু ইলু। হিন্দী সেই জনপ্ৰিয় গীতটোৰ গইনাৰে বিজেপি আৰু কংগ্ৰেছৰ সন্দৰ্ভত মন্তব্য কৰিলে এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীয়ে। হোজাইৰ বৰ দংকী ২১ নং ভোটগ্ৰহণ কেন্দ্ৰত পুৱাই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছিল বদৰুদ্দিন আজমল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/041d2c61-858b-41c1-9ed1-b39ff260d51f.jpg)
ভোটদানৰ পাছতেই বদৰুদ্দিনে ক'লে- কংগ্ৰেছ আৰু বিজেপিৰ মাজত হেনো ইলু ইলু আছে। দুয়োটা দলৰ মাজত থকা সম্পৰ্কৰ কথা বুজাবলৈ গৈয়ে হিন্দী গানৰ সেই ইলুৰ কথা ক'লে আজমলে। তেওঁৰ মতে, বিজেপিক তেওঁ বিৰোধিতা কৰি আহিছে। আৰু কংগ্ৰেছে বিৰোধিতা কৰে তেওঁৰ। সেয়া হেনো তেওঁৰ বাবে বৰ দুৰ্ভাগ্যজনক। তাৎপৰ্যপূৰ্ণভাৱে আজমলে ভোটদান কৰিয়েই বিজেপিৰ বিৰুদ্ধে ভোটদান কৰাৰ আহ্বান জনালে যদিও, কংগ্ৰেছৰ সন্দৰ্ভত একো নক'লে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us