/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/27f5012d-5c1a-4684-84d0-0645df463678/khanapara.jpg)
ডিজিটেল ডেস্ক : আজি ৰাজ্যিক উপায়ুক্ত, আৰক্ষী অধীক্ষক বৈঠক । গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব এই সন্মিলন । ৰাজ্যত প্ৰশাসনিক ক্ষেত্ৰত গতিশীলতা অনাৰ লক্ষ্যেৰে অনুষ্ঠিত কৰা হ'ব এই সন্মিলন খন । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাৰ অনুষ্ঠিত হ'ব লগীয়া এই বৈঠকত জিলা সমূহৰ শীৰ্ষৰ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াসকল উপস্থিত থাকিব ।
এই বৈঠকখনক প্ৰাথমিকভাৱে দুটা ভাগত বিভক্ত হৈ প্ৰথমে কেৱল আৰক্ষী বিষয়া সকলৰ মাজত অনুষ্ঠিত হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত জিলা সমূহৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে অনুষ্ঠিত হ'ব বৈঠক খনৰ দ্বিতীয় অংশ । যাৰ বাবে ইতিমধ্যেই প্ৰতিটো বিভাগৰ জিলা উপায়ুক্ত আৰু শীৰ্ষৰ বিষয়া সকলক মতা হৈছে সন্মিলনলৈ ।
ওপৰিও আৰক্ষী অধীক্ষক আৰু আন শীৰ্ষ বিষয়াক লৈ অনুষ্ঠিত হ'ব লগীয়া বৈঠক খনৰ বাবে যাৱতীয় তথ্য ইতিমধ্যেই বিষয়া সকলক যোগান ধৰিবলৈ আহ্বান জনাইছিল প্ৰশাসনে । কিয়নো জিলাখনৰ প্ৰতিটো দিশৰে পুংখানুপুংখ অধ্যয়ন কৰি পৰৱৰ্তী সময়ত দিশ সমূহৰ উন্নতিৰ হকে কাৰ্যপ্ৰণালী হাতত লোৱা হ'ব এই সন্মিলনখনৰ পাছত । বিশেষকৈ চিণ্ডিকেট আৰু ড্ৰাগছৰ ওপৰিও আৰক্ষী চকীত ৰুজু হোৱা গোচৰৰ সংখ্যা হ্ৰাস কৰি বিষয়সমূহ ৰুজু নোহোৱাকৈয়ে নিষ্পত্তি কৰিবলৈ যি ব্যৱস্থা হাতত লোৱা হৈছিল সেই সন্দৰ্ভতো আলোচনা কৰা হ'ব এই সন্মিলন খনিত ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us