দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অনুপ্ৰিয়া পেটেল মঙলদৈত উপস্থিত...

author-image
Asomiya Pratidin
New Update
দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অনুপ্ৰিয়া পেটেল মঙলদৈত উপস্থিত...

ডিজিটেল সংবাদ,‌ মঙলদৈ : সোমবাৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অনুপ্ৰিয়া পেটেলে দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে দুদিনীয়া কাৰ্যসূচীৰে দৰং জিলাত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে আজি জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ।

Advertisment

তেওঁ আকাংক্ষিত জিলা প্ৰকল্পৰ অধীনত চলি থকা উন্নয়নমূলক কাৰ্যসমূহৰ পৰ্যালোচনা কৰে আৰু বিভিন্ন বিভাগসমূহক দিহা- পৰামৰ্শ আগবঢ়ায় । মন্ত্ৰীগৰাকীয়ে কালিলৈ পুনৰ আকাংক্ষিত জিলাৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব ।

উক্ত সভাখনত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰৰ বিধায়ক ড পৰমানন্দ ৰাজবংশী, দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকা প্ৰমুখ্যে বিভিন্ন বিভাগৰ জিলা মুৰব্বীসকল উপস্থিত থাকে ।

mangaldoi