/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ea3f9135-0b51-4fc7-a1ba-dcf713905551/b9991c9f_c31e_430b_868f_7b6f423001c6.jpg)
ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান কনচেপ্টৰ উদ্যোগত আৰু স্বৰলিপি প্ৰকাশন তথা কনচেপ্ট প্ৰকাশনৰ সহযোগত শনিবাৰৰ পৰা তিনিদিনীয় কাৰ্যসূচীৰে "কনচেপ্ট গ্ৰীষ্মকালীন গ্ৰন্থমেলা" আৰম্ভ হৈছে। কনচেপ্ট গ্ৰীষ্মকালীন গ্ৰন্থমেলা দুৱাৰ মুকলি কৰেকনচেপ্ত ছিনিয়ৰ ছেকেণ্ডৰী বিদ্যালয়ৰ অধ্যক্ষ দিব্যকমল মজিন্দাৰে ।
গ্ৰন্থমেলাৰ অনুষ্ঠানত সঞ্চালক প্ৰণৱ কুমাৰ ভূঞা, অধ্যক্ষ ইন্দ্ৰনীল ভূঞা,শৈক্ষিক প্ৰশাসক তথা পৰামৰ্শদাতা বিপিন চন্দ্ৰ শইকীয়া,পি টি এ সচিব সংগীতা হাজৰিকা, গাইডেন্স কাউন্সিলৰ নবাব মুস্তাফা আহমেদকে প্ৰমুখ্য কৰি শৈক্ষিক প্ৰতিষ্ঠানৰ বিষয়ববীয়া, শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু কৰ্মচাৰী সকল উপস্থিত থাকে।
প্ৰধান শিক্ষয়িত্ৰী অনুৰূপা ভৰদ্বাজে এই অনুষ্ঠানৰ আঁত ধৰে।। তিনিদিনীয়া গ্ৰন্থমেলাৰ আজি সফল সামৰণি পৰে। গ্ৰন্থমেলাত শিক্ষাৰ্থী, অভিভাৱক আৰু শৈক্ষিক সমাজৰ সহযোগ উৎসাহজনক আছিল।