শিক্ষক দিৱস পালন নকৰে কম্পিউটাৰ শিক্ষক সন্থাই, VIDEO

শিক্ষক দিৱস পালন নকৰে কম্পিউটাৰ শিক্ষক সন্থাই, VIDEO

author-image
asomiyapratidin
New Update
শিক্ষক দিৱস পালন নকৰে কম্পিউটাৰ শিক্ষক সন্থাই, VIDEO

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাই বৃহস্পতিবাৰৰ শিক্ষক দিৱস বৰ্জন কৰিব। শিক্ষক সকলৰ দীৰ্ঘদিনীয়া অনাদায় দৰমহা, চাকৰি নিয়মীয়াকৰণৰ লগতে আন কেবাটাও গুৰুত্বপূৰ্ণ দাবীত শিক্ষক দিৱস বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, অসমৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত কম্পিউটাৰ শিক্ষক সকলৰ প্ৰথম পৰ্যায়ৰ শিক্ষক সকলে ৬ মাহৰ আৰু দ্বিতীয় পৰ্যায়ৰ শিক্ষক সকলে ১১ মাহৰ দৰমহা অদ্যপি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Advertisment

ইতিমধ্যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ লগত উক্ত দাবীসমূহ সমাধনৰ উদ্দেশ্যে সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ নেতৃবৃন্দই বহুবাৰ আবেদন-নিবেদন জনোৱাৰ লগতে কেবালানিও আলোচনাত বহিছে যদিও আজি পৰ্যন্ত সফল হ'ব নোৱাৰিলে। চৰকাৰৰ বঞ্চনা আৰু প্ৰতাৰণাৰ পৰিপ্ৰেক্ষিতত শিক্ষক সকলে শিক্ষক দিৱস বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি জানিবলৈ দিছে।