চোৰাং গো-ধন সৰবৰাহ কৰা চক্ৰৰ সৈতে আৰক্ষীৰ গোপন বুজাবুজিৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
চোৰাং গো-ধন সৰবৰাহ কৰা চক্ৰৰ সৈতে আৰক্ষীৰ গোপন বুজাবুজিৰ অভিযোগ

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত মঙ্গলবাৰে পুৱাতি নিশা ৰাইজে ২৮টাকৈ চোৰাং গো-ধন জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত বনগাঁৱবড়ী নামৰ গাঁৱখনৰ ৰাইজে এক গোপন সূত্ৰৰ পম খেদি গাঁৱখনৰ মাজেৰে মেঘালয় ৰাজ্যলৈ সৰবৰাহ কৰা চোৰাং গো-ধন ২৮ টা জব্দ কৰে । ৰাতিপুৱা বকো আৰক্ষীৰ দল এটাই গাঁৱখনত উপস্থিত হৈ চোৰাং গো-ধন কেইটা তিনিখন ডি আই গাড়ীৰে বকো থানালৈ কঢ়িয়াই আনিছে । গাঁৱখনৰ একাংশ ৰাইজে দাবী কৰা মতে গোৱালপাৰা জিলাৰ সাপ্তাহিক সোমবৰীয়া বজাৰপৰা চোৰাং গো-ধন সৰবৰাহ কৰা চক্ৰই গৰু মেঘালয় ৰাজ্যৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে ।

Advertisment

এটা বিশেষ সূত্ৰই অভিযোগ কৰা মতে গো-ধনৰ চোৰাং বেহাৰ সৈতে জড়িত চক্ৰৰ লগত একাংশ আৰক্ষী বুজাবুজি আছে । আনকি সূত্ৰটোৱে দাবী কৰা মতে আৰক্ষীয়ে চোৰাং গো-ধন সৰবৰাহ কৰা চক্ৰটোৰ পৰা নিয়মীয়াকৈ ধন লাভ কৰে । যাৰ বাবে আৰক্ষীয়ে চোৰাং গো-ধন সৰবৰাহ কৰিবলৈ চক্ৰটোক গোপন বুজাবুজিৰে বাট মোকলাই দিছে । কেতিয়াবা কেতিয়াবা হঠাতে আৰক্ষীয়ে চোৰাং গো-ধন সৰবৰাহ কৰা চক্ৰৰ বিৰুদ্ধে অভিযান চলোৱা ৰাইজৰ দৃষ্টিগোচৰ হয় ।কিন্ত সেয়া চোৰাং গো-ধন সৰবৰাহ কৰা চক্ৰৰ পৰা আৰক্ষীয়ে ধন নাপালেহে অভিযান চলাই বুলি সূত্ৰটোৱে দাবী কৰিছে ।

assam BOKO