কমনৱেলথ গেমছত অসম কন্যাৰ পদক প্ৰায় নিশ্চিত, মঙলবাৰে আহিব পাৰে ভাল খবৰ…

কমনৱেলথ গেমছত অসম কন্যাৰ পদক প্ৰায় নিশ্চিত, মঙলবাৰে আহিব পাৰে ভাল খবৰ…

author-image
asomiyapratidin
New Update
হিমা, লাভলীনাৰ পাছত দেশবাসীৰ ‘নয়নৰ মণি’ হ’ল নয়নমণি…

ডিজিটেল ডেস্ক: কমনৱেলথ গেমছত অসমৰ পৰা এটা পদক প্ৰায় নিশ্চিত হৈছে। সোমবাৰে অনুষ্ঠিত চেমি ফাইনেলত ভাৰতীয় মহিলা জাতীয় দলে লন বলত নিউজিলেণ্ডক পৰাস্ত কৰে।

তীব্ৰ প্ৰতিদ্বন্দ্বিতা পূৰ্ণ এই খেল খনত ১৬-১৩ ব্যৱধানত জয়ী হয় ভাৰত। মঙলবাৰে ভাৰতে লন বলৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

ভাৰতীয় মহিলা জাতীয় দলৰ হৈ কমনৱেলথ গেমছত প্ৰতিনিধিত্ব কৰিছে অসমৰ নয়নমণি শইকীয়াই। উল্লেখ্য যে নয়নমণি শইকীয়াৰ ঘৰ গোলাঘাটত সৰু পথাৰত। এইবাৰ কমনৱেলথ গেমছত লাভলীনা বৰগোঁহাইকে ধৰি ৭ গৰাকী অসমীয়াই অংশ লৈছে। বক্সিঙত শিৱ থাপা বাহিৰ হলেও এতিয়াও আশা সজীৱ কৰি ৰাখিছে লাভলীনা বৰগোঁহাইয়ে।

আৰু পঢ়ক: হাস্পাতালত ভয়াবহ অগ্নিকাণ্ড, ৪ জনৰ মৃত্যু, ৩জনক সংকটজনক অৱস্থাত উদ্ধাৰ…

lawn bowls common wealth games