অসম কৃষি বিশ্ববিদ্যালয়ৰ সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি

অসম কৃষি বিশ্ববিদ্যালয়ৰ সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি

author-image
asomiyapratidin
New Update
অসম কৃষি বিশ্ববিদ্যালয়ৰ সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি

ডিজিটেল সংবাদ, যোৰহাট: খাদ্য পৰিপুষ্টিৰ দিশত সময়ৰ সৈতে সামঞ্জস্য ৰাখি নিত্য নতুন চিন্তা আৰু উদ্ভাৱনৰ জৰিয়তে আগবাঢ়িব লাগিব । ইয়াৰ বাবে সময়োচিত কাউন্সেলিং তথা পাঠ্যক্ৰমৰ জৰিয়তে ইভেন্ট মেনেজমেন্টৰ দিশেৰেও পৰ্যালোচনা কৰাটো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ সোনালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভনি অনুষ্ঠানত এই মত ব্যক্ত কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই ।

Advertisment

বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ড° ডেকাই কয় যে নীতি আয়োগেও কৃষি আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । উৎপাদিত সামগ্ৰীৰ যথোচিত ভাবে গ্ৰাহকৰ ওচৰলৈ যোৱালৈকে দিশবোৰতো গুৰুত্ব আৰোপ কৰা হৈছে । সেয়ে নিজাকৈ উৎপাদিত সামগ্ৰীত নিজাববীয়াকৈ ব্ৰেণ্ডত বিক্ৰী কৰিবলৈ লোৱা প্ৰয়াসৰ অংশ হিচাপে অসম কৃষি বিশ্ববিদ্যালয়েও নিজা ব্ৰেণ্ডত বিক্ৰীৰ বাবে সাজু হৈছে ।

সামুহিক বিজ্ঞান মহাবিদ্যালয়েও আমাৰ ঘৰুৱাভাৱে লাগতিয়াল সামগ্ৰী উদ্ভাৱন আৰু উৎপাদনৰ জৰিয়তে বিক্ৰীৰ দিশত পদক্ষেপ ল'লে অধিক লাভান্বিত হ'ব ।সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড° মামনি দাসে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত বক্তব্য ৰাখি মুখ্যমন্ত্ৰীৰ ভিজিলেন্স শাখাৰ আৰক্ষী অধীক্ষক ৰজী কলিতাই অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যয়ন কালৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে কয় যে সামগ্ৰিকভাবে বিশ্ব সম্প্ৰদায়ৰ মাজত সামুহিক বিজ্ঞানৰ দিশত গুৰুত্ব বৃদ্ধি পাইছে ।

শিক্ষাৰ্থী জীৱনৰ নিয়মানুবৰ্তীতাৰ প্ৰয়োজনীয়তাৰ বিষয়েও প্ৰসংগক্ৰমে উল্লেখ কৰি লগতে কয় যে প্ৰতিযোগিতাৰ বিষয়ত বৰ্তমান সময়ত নেটৰ জৰিয়তে হোৱা উপলব্ধতাৰ অধিক ব্যৱহাৰৰ জৰিয়তে আগবাঢ়ি যাব পাৰে আজিৰ শিক্ষাৰ্থী । সেয়ে সঠিক দিশত ইয়াৰ ব্যৱহাৰ কৰি লাভালাভ আদায় কৰিব লাগে । অনুষ্ঠানত হায়দৰাবাদৰ আচাৰ্য এন জি ৰংগা কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানগুৰু ড° বিজয়া খাদেৰে কৰ্মজীৱনৰ আৰম্ভনিতে প্ৰথম অসম কৃষি বিশ্ববিদ্যালয়তেই নিৰ্বাচিত হোৱাৰ বিষয়ে স্মৰণ কৰে ।

বৃটিছ যুগৰে পৰা ঘৰুৱা শিক্ষা হিচাপে গ্ৰাহস্থ্য বিজ্ঞান আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি দেশত এই বিষয়ৰ অগ্ৰগতি – বিকাশৰ ধাৰা সম্পৰ্কত আলোকপাত কৰে ।পূৰ্বৰ ঠেক পৰিসৰৰ বিপৰীতে বৰ্তমান এই ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধিৰে ব্যক্তিগত তথা সামুহিক ভাবে দেশৰ বৌদ্ধিক ব্যৱস্থা তথা ৰাষ্ট্ৰীয় উত্তৰণৰ দিশত তথা সুখানুভূতিৰ হাৰ বৃদ্ধি কৰাৰ বিষয়ে উল্লেখ কৰে ।

অনুষ্ঠানত যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মণে সামুহিক বিজ্ঞান মহাবিদ্যালয় থিম ছং মুকলি কৰাৰ পাছত মহাবিদ্যালয়ৰ ভিডিঅ মুকলি কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । কফি টেবুল বুক মুকলি কৰে উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই । সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰু বিষয়া কৰ্মচাৰী সকলকো অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় ।

সোনালী জয়ন্তী উদযাপন সমিতিৰ সাংগঠনিক সম্পাদিকা ড° নন্দিতা ভট্টাচাৰ্যয়ো বক্তব্য আগবঢ়োৱা সভাখনত পঞ্জীয়ক তপন কুমাৰ গোহাইৰ লগতে বিশ্ববিদ্যালয়ৰ কেবাজনো বৰ্ড মেম্বাৰ , বিশেষ বিষয়াসকল , বিভাগীয় মুৰব্বী সকল , বিজ্ঞানীসকল, অধ্যাপক অধ্যাপিকা আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে । আনহাতে পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পনৰ পাছতে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

আৰু পঢ়ক: চাকৰী নিয়মীয়াকৰণৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাজলগাঁৱতো কৰ্ম বিৰতিৰে প্ৰতিবাদ….

assam jorhat assam agricultural university