/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/92b31735-153e-4c6a-b7f7-44e33e940ab7/mahaa.jpg)
ডিজিটেল সংবাদ,ছমৰীয়া: কামৰূপৰ সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু মহাবিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।ছাত্ৰবৃত্তিৰ ধন তথা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ধনৰ কেলেংকাৰীৰ অভিযোগত সোণতলী আৰক্ষীৰ সহযোগত বকো আৰক্ষীয়ে প্ৰথমে আটক কৰি মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে দুয়োজনক৷
চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৰবিউল হুছেইন ওৰফে মিঠু আৰু অধ্যক্ষগৰাকীক দীৰ্ঘ সময় ধৰি কৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে। চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৰবিউলৰ পত্নী নুৰনাহাৰ আখতাৰক নডেল অফিছাৰ সজাই লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ অৱসৰপ্ৰাপ্ত অধ্যক্ষজনৰ বিৰুদ্ধে৷
ইফালে তেওঁৰ কাৰ্যকালত মহাবিদ্যালয়খনৰ সামগ্ৰিক উন্নয়নৰ নামত অহা ৩০ লাখৰ অধিক টকা এমাহৰ ভিতৰতে বেংকৰ পৰা উলাইছিল যদিও প্ৰাক্তন অধ্যক্ষ জনৰ হাতত নাছিল খৰচৰ শিতান ৷ বকো আৰক্ষী থানাৰ 02/23 নং গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ দুয়োজনক।
IPC 120(B)/409/420/468ৰ অধীনত গ্ৰেপ্তাৰ।সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ উপ-অধ্যক্ষ মোবাৰক হুছেইনৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ নিলম্বিত অধ্যক্ষ আব্দুল কালাম আজাদ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰবিউল হুছেইনক।ইফালে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধনৰ খেলিমেলি সন্দৰ্ভত বকো আৰক্ষী থানাত 538/22 নম্বৰত 120(B)/420/409/468 ধাৰাত নিলম্বিত অধ্যক্ষ আব্দুল কালাম আজাদৰ আন এক গোচৰ ৰুজু কৰিছে বকো আৰক্ষীয়ে।
আৰু পঢ়ক: ''ভাৰত জোড়ো যাত্ৰা''ত আমি অংশগ্ৰহণ নকৰো: নীতিশ কুমাৰ