/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/WhatsApp-Image-2022-02-22-at-11.07.11-AM.jpeg)
ডিজিটেল সংবাদ, নগাঁও : অসাধু কয়লা ব্যৱসায়ীৰ পিছত চিবিআই ৷ নগাঁৱৰ শেনচোৱা জংচনৰ পৰা এক অসাধু কয়লা ব্যৱসায়ীয়ে কয়লাৰ ক'লা বেহা আৰম্ভ কৰাৰ পিছত চিবিআইয়ে সমগ্ৰ ঘটনা নিৰীক্ষণ কৰি থকা বুলি জানিব পৰা গৈছে।
দিচপুৰৰ পৰা আৰম্ভ কৰি নাগালেণ্ড ,মেঘালয়লৈকে হাতোৰা মেলা অসাধু কয়লা ব্যৱসায়ী চক্ৰটোয়ে ৰেল মন্ত্ৰনালয়কো মেনেজ কৰিবলৈ সক্ষম হৈছে ৷ যাৰ বাবে শেনচোৱা জংচনকে যে কয়লা ব্যৱসায়ী চক্ৰটোয়ে দখল কৰিছে তেনে নহয় ৷ শেনচোৱাৰ পৰা আৰম্ভ কৰা কয়লা সৰবৰাহ বাবে ব্যৱসায়ী চক্ৰটোয়ে ৰেল বিভাগৰ কেবাটাও ষ্টেচন নিজৰ দখললৈ নিয়া বুলি জানিব পৰা গৈছে ৷
অসমীয়া প্ৰতিদিন ডিজিটেলৰ অনুসন্ধানত পোহৰলৈ অহা খবৰ মতে কয়লা ব্যৱসায়ী চক্ৰটোয়ে নগাঁৱৰ পৰা গুৱাহাটীলৈকে কেবাটাও ষ্টেচন দখল কৰিছে ৷ এই চক্ৰটো ইমানে ক্ষমতাশালী যে কয়লা বাগনত উঠাবলৈ সুবিধা নথকা একাধিক ষ্টেচন দিনে নিশাই কাম কৰাই ৰেল বিভাগে সাজু কৰিবলৈ বাধ্য হৈছে ৷ শেন চোৱাত পানী আৰু লেবাৰ চেট নাই ৷ কয়লা ব্যৱসায়ীৰ নিৰ্দেশত ৰেলে শেনচোৱাটো কয়লা বাগনত উঠাবলৈ অনুমতি প্ৰদান কৰাই নহয় দুবাৰকৈ বিহাৰলৈ কয়লা সৰবৰাহ কৰিছে ৷ তৃতীয় বাৰ কয়লা নিবলৈ শেনচোৱাত বাগনত কয়লা উঠাই থকা হৈছে ৷ আগন্তুক দিনত আৰু ছয়টাক দিনত বিহাৰলৈ নিবলৈ কয়লা ব্যৱসায়ীয়ে ৰেলৰ পৰা অনুমতি বিচাৰিছে ৷
শেনচোৱাৰ লগতে ক'লা কয়লা ব্যৱসায়ীৰ দখলত এতিয়া কমলাঝাৰী , ডিগাৰু , তেতেলিয়া , বৰাহু , আমনি , ৰেল ষ্টেচন ৷ বৰাহু আৰু আমনিক বাদ দি আন ৰেল ষ্টেচনৰ পৰা ইতিমধ্যে কয়লা সৰবৰাহ আৰম্ভ হৈছে ৷ বৰাহুক কয়লা ব্যৱসায়ীৰ বাবে ৰেলে সাজু কৰাৰ বিপৰিতে আমনি ৰেল ষ্টেচনক সাজু কৰি থকা হৈছে ৷ তাৎপৰ্যৰ বিষয় ষ্টেচনলৈ কয়লা গাড়ী নিবলৈ পথ নথকা পিছত ৰেলৰ উৰ্দ্ধতম বিষয়াৰ নিৰ্দেশত দিনে নিশাই কাম কৰোৱা হৈছে ৷
কয়লা সৰবৰাহত নিদিষ্ট ষ্টেচনৰ এলেকাত একাংশ লোক জড়িত হৈ পৰিছে ৷ ক'লা ব্যৱসায়ী চক্ৰটোয়ে প্ৰলোভিত কৰি স্থানে স্থানে একাংশ লোকক নিয়োগ কৰিছে ৷ স্থানীয় লোকে দুইপইচা আয় কৰাৰ স্বাৰ্থত কয়লা ব্যৱসায়ী চক্ৰটোক সহযোগ কৰিছে ৷ বিশ্ময়কৰ বিষয় এই যে অসাধু কয়লা ব্যৱসায়ী চক্ৰটোয়ে স্থানীয় লোককো ৰামঠগন দিছে ৷ বিশেষকৈ গৰিষ্ঠ সংখ্যক স্থানীয় লোকক শ্ৰমিক হিচাপে কামত লগাইছে ৷ প্ৰায় ৬০ টন কয়লা উঠোৱাৰ বিনিময়ত কয়লা ব্যৱসায়ীয়ে শ্ৰমিকৰ চৰ্দাৰৰ লগত ৬৩০০ টকাকৈ বন্দোবস্ত কৰিছে ৷ ৬০ টন কয়লা উঠাবলৈ দহজনকৈ শ্ৰমিক লাগে ৷ এজন শ্ৰমিকৰ ভাগত পৰিব লাগে ৬৩০ টকা ৷ কিন্তু শ্ৰমিক সকলে ৬৩০ টকাকৈ পোৱা নাই ৷ চৰ্দাৰে কাট ৰাখিছে একাংশ ধন ৷
জানিব পৰা মতে মেঘালয়ৰ কয়লা খনিত এজন শ্ৰমিকক কয়লা গাড়ীত উঠোৱাৰ বিনিময়ত এদিনত ৭৩০ টকাকৈ দিয়া হয় ৷ শেনচোৱাত দিয়া হৈছে ৬৩০ টকাকৈ ৷ ৬৩০ টকাৰ পৰা চৰ্দাৰ আৰু কয়লা ব্যৱসায়ীয়ে গঠন কৰি দিয়া কমিতিয়ে একাংশ ধন কাঢ়ি ৰাখিছে ৷ কয়লা ৱাগনত উঠোৱাটো এক কষ্টকৰ কাম ৷ তাতে ছালফাৰ যুক্ত ৷ জ্বলন ক্ষমতা তীব্ৰ ৷ ষ্টেচন সমূহত নাই শ্ৰমিকৰ বাবে প্ৰয়োজনীয় সুবিধা ৷ নাই শ্ৰমিক সকলৰ কোনো বীমা ৷ তাৰ পাছতো নূন্যতম মজুৰি দি কয়লা ব্যৱসায়ীয়ে স্হানীয় লোকক কামত লগাইছে ৷
পূৰ্বতে প্ৰকাশ হোৱা বাতৰিত নগাঁৱৰ পৰা বিহাৰলৈ ক'ৰ পৰা কয়লা আনি ৰেলেৰে পঠোৱা হৈছে সেই বিষয়ে প্ৰকাশ পাইছিল ৷ অৰুনাচল-অসম সীমান্তৰ পৰা কয়লা আনি নাগালেণ্ডৰ নামত কয়লা সৰবৰাহ কৰা বিষয়ে প্ৰকাশ পাইছে ৷ কয়লা ব্যৱসায়ীয়ে নাগালেণ্ডৰ নথি পত্ৰ দেখুৱাই অসমৰ কয়লা যদি বিহাৰলৈ সৰবৰাহ কৰিছে সেই সৰ্ন্দভত তদন্তৰ অবকাশ নথকা নহয় ৷
নগাঁৱৰ পৰা আৰম্ভ হোৱা কয়লা সৰবৰাহৰ জৰিয়তে ৰেল বিভাগে এক বুজন পৰিমানৰ ধন ভাড়াৰ নামত লাভ কৰিব ৷ আয় বৃদ্ধিৰ বাবে নিশাৰ ভিতৰতে ৰেলে ষ্টেচন সাজু কৰি দিছে যদিও এই কয়লাৰ বিনিময়ত অসম চৰকাৰে যি দৰে উপকৃত হ'ব লাগিব তেনেদৰে উপকৃত নহয় ৷ শেনচোৱাত , কমলাঝাৰী , ডিগাৰু , তেতেলিয়া , বৰাহু , আমনি আদি ষ্টেচনৰ পৰা কয়লা সৰবৰাহৰ বিষয়টোত যে এক ব্যাপক কেনা আছে সেই সৰ্ন্দভত চিবিআইয়ে উমান পায় অনুসন্ধান আৰম্ভ কৰিছে ৷
অৱশ্যে চিবিআইৰ অনুসন্ধানত কি তথ্য পোহৰলৈ আহিছে সেই সৰ্ন্দভত কোনো তথ্য জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে চিবিআইৰ দল তেতেলিয়া আৰু ডিগাৰুত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ৷ তদন্তকাৰী সংস্থা চিবিআইয়ে ৰেল বিভাগৰ সামগ্ৰী উঠোৱা ক্লাৰক সোধ পোচ কৰিছে ৷ কয়লা ব্যৱসায়ী চক্ৰটোয়ে ৰেল বিভাগক কি কি তথ্য দাখিল কৰি কয়লা সৰবৰাহ কৰিছে তাৰ তথ্য চিবিআইয়ে বিচৰা বুলি জানিব পৰা গৈছে ৷