উৎকট গৰমে দহিছে ৰাজ্য, অনানুষ্ঠানিক শিক্ষাখণ্ডৰ বাবে নাই নেকি নিয়মাৱলী ?

author-image
Asomiya Pratidin
New Update
উৎকট গৰমে দহিছে ৰাজ্য, অনানুষ্ঠানিক শিক্ষাখণ্ডৰ বাবে নাই নেকি নিয়মাৱলী ?

ৰূপকাত্মক আলোকচিত্ৰ

ডিজিটেল ডেস্ক : উৎকট গৰমে দহিছে ৰাজ্যখনক । ক্ৰমাৎ বৃদ্ধি পাই অহা তাপমানৰ প্ৰতি লক্ষ্য ৰাখি জিলা সমূহৰ উপায়ুক্তই ইতিমধ্যে বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰিছে নতুন নিৰ্দেশনা । এই নিৰ্দেশনা অনুসৰি পুৱা ৭.৩০ বজাত আৰম্ভ হ'ব বিদ্যালয়সমূহ আৰু ১ বজাৰ ভিতৰত অন্ত পৰিব দিনটোৰ পাঠদান । প্ৰাথমিক বিদ্যালয়সমূহ ১২ বজালৈ, মাধ্যমিক বিদ্যালয়সমূহ ১২.৩০ বজালৈ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান ১ বজালৈ চলিব এই নিয়মৰ ফলত । ইতিমধ্যে নিৰ্দেশনা লাভ কৰা সংশ্লিষ্ট জিলাসমূহৰ বিদ্যালয়সমূহে এই নিয়মাৱলী পালন কৰাও দেখা গৈছে সমগ্ৰ ৰাজ্যত ।

Advertisment

কিন্তু তাৰ মাজতেই অব্যাহত আছে আন একাংশৰ পাঠদান ।

অৱশ্যে এই সমূহ কোনো বিদ্যালয় নহয় বৰং বিভিন্ন ধৰণৰ ক'চিং চেন্টাৰ, নাচ-গান, ছবি আদি বিষয়ৰ শিক্ষানুষ্ঠান হে । প্ৰচণ্ড গৰমৰ মাজতো শিশুসকলক দুপৰীয়া পাঠদান কৰোৱাৰো অভিযোগ উত্থাপন কৰিছে বহু সংখ্যক অভিভাৱকে । 

এতিয়া প্ৰশ্ন হয় যে, বিদ্যালয়সমূহ শিক্ষা বিভাগৰ আওতালৈ আহে বাবে ইয়াত কোনো এক নিয়মাৱলী প্ৰযোজ্য কৰোৱাতো সহজ কিন্তু একে সময়তেই ৰাজ্যৰ বিশেষকৈ গুৱাহাটী মহানগৰীত গঢ় লৈ উঠা এনেধৰণে প্ৰতিষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য কৰোৱা সম্ভৱ হৈ নুঠিব নেকি এই নিয়মাৱলী ? কিয়নো ৰাজ্য চৰকাৰৰ তাৎক্ষণিক কাৰ্যকৰীতাৰ বাবে প্ৰচণ্ড গৰমৰ পৰা শিশুসকলে সাময়িক সকাহ লাভ কৰিলে যদিও বিভিন্ন কাৰণবশত: পুনৰ একেই গৰমৰ সন্মুখীন হ'ব লগীয়া হৈছে শিশুসকলে । এই ক্ষেত্ৰতো ৰাজ্য চৰকাৰৰ সিদ্ধান্ত গ্ৰহণক লৈ এতিয়া আশাবাদী অভিভাৱকসকল ।

Also Read: গোৱালপাৰাৰ বিতৰ্কিত বন বিষয়া জীতেন্দ্ৰ কুমাৰক নিলম্বন

education department of assam