খানাপাৰাৰ পৰা আলফালৈ মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বানঃ দেখুৱালে সপোন, দিলে আশা...

খানাপাৰাৰ পৰা আলফালৈ মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বানঃ দেখুৱালে সপোন, দিলে আশা...
খানাপাৰাৰ পৰা আলফালৈ মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বানঃ দেখুৱালে সপোন, দিলে আশা...

ডিজিটেল ডেস্কঃ সংস্থাপন, শান্তি আলোচনা, অৰ্থনীতি, শিক্ষা, সামজিক ব্যাধিকে ধৰি বিভিন্ন দিশ সামৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ ভাষণ আগবঢ়ায়। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় গণৰাজ্য দিৱসৰ কাৰ্যসূচীত এইবাৰ প্ৰথমবাৰৰ বাবে পতাকা উত্তোলন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।

পূৰ্বে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰিছিল ৰাজ্যপালে। অসমৰ ৰাজ্যপাল জগদীশ মুখী নাগালেণ্ডৰো ৰাজ্যপালৰ দায়িত্বত থকাৰ বাবে তেওঁ এইবাৰ নাগালেণ্ডত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। সেয়ে অসমত এই দায়িত্ব এইবাৰ মুখ্যমন্ত্ৰীয়ে পালন কৰিবলগীয়া হৈছে।

নিজৰ ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই, বিভিন্ন বিষয়ৰ লগতে বহু চৰ্চিত শান্তি আলোচনাৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয়, আলফাৰ সৈতে আলোচনা সম্পন্ন হ’লে অসম শান্তিৰ দ্বীপত পৰিণত হ’ব। তেওঁ কয়, কাৰোবাৰ দেশপ্ৰেমক মই কষ্ট নিদিও। কিন্তু ২৮ বছৰ আগৰ অসম এতিয়া নাই। সময় পৰিৱৰ্তন হৈছে। আলফাৰ সেনাধিনায়কৰ পৰা শেষজন লোকলৈ এই কথা স্পৰ্শ কৰক।’’

কবি প্রসন্নলাল চৌধুৰীৰ কবিতাৰে নিজৰ ভাষণ আৰম্ভ কৰা মুখ্যমন্ত্রী ড০ শৰ্মাই ৰাজ্যবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনায় বীৰ শ্বহীদলৈ শ্রদ্ধা জ্ঞাপন কৰে। তেওঁ কয়, ‘ভাৰতীয় সংবিধানৰ পৰিভাষা আইনৰ মাজতে সীমাবদ্ধ নহয়। আমাৰ সংবিধানৰ সমাজবাদ হৈছে কল্যাণকামী সমাজবাদ। পশ্চিমীয়া মাৰ্ক্সবাদৰ লগত আমাৰ সমাজবাদৰ কোনো সম্পৰ্ক নাই।

তেওঁ কয়, ধৰ্মনিৰপেক্ষতাৰ অৰ্থ আমাৰ বাবে কোনো বিশেষ ধৰ্মৰ তুষ্টিকৰণ নহয়। আমাৰ দেশে ইহুদী, ইছলাম আদি সকলোকে ভাৰতীয় হিচাপে আদৰি লৈছে। ভাৰত এক ৰাষ্ট্র নহয়, ভাৰত এক সভ্যতা। সেই সভ্যতাই আধুনিক ভাৰতৰ ভেটি নিৰ্মাণ কৰিছে।

ভাৰতীয় সমাজবাদ সন্দৰ্ভত তেওঁ কয়, পশ্চিমীয়া মাৰ্ক্সবাদতকৈও বহু আগত সমাজবাদ ভাৰতৰ জন্ম হৈছিল। জনতাৰ কষ্ট-ত্যাগৰ ফলত ভাৰত বিশ্বৰ অন্যতম গণতন্ত্রত পৰিণত।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, অমৃত কালৰ স্বপ্ন প্রধানমন্ত্রীয়ে ভাৰতবাসীৰ চেতনালৈ ৰূপান্তৰিত কৰিছে। প্রধানমন্ত্রীৰ নেতৃত্বৰ দিনত নতুন এখন ভাৰত হোৱাৰ আখৰা আৰম্ভ হৈছে। নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পৰা ভাৰতলৈ এক দৰ্শনীয় পৰিৱৰ্তন আহিছে।

মোডীৰ ডিজিটেল ইণ্ডিয়াৰ সপোনে ভাৰতক আজি বহুদূৰ আগুৱাই নিছে। সমগ্র ভাৰতৰ অৰ্থনীতি আজি এক ডিজিটেল মাধ্যমেৰে আগবাঢ়িছে। ভাৰতৰ অৰ্থনীতিয়ে বিশ্বৰ পঞ্চমটো অৰ্থনীতি হিচাপে আত্মপ্রকাশ কৰিছে। ভাৰতৰ লগতে অসমতো অনুষ্ঠিত হ'বলগীয়া G20 সন্মিলন সন্দৰ্ভত তেওঁ কয়, G20 অধ্যক্ষতাই ভাৰতক গৌৰৱান্বিত কৰিছে।

ৰাজ্য চৰকাৰৰ ১ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত তেওঁ কয়, ১ লাখ চাকৰিৰ সপোন কেইটামান মাহৰ ভিতৰত সম্পন্ন কৰিব চৰকাৰে। তেওঁ অহা বাজেটত যুৱক–যুৱতীক স্বাৱলম্বী কৰাৰ বাবে ৩ হাজাৰ কোটি টকা ধাৰ্য কৰিব বুলিও উল্লেখ কৰিছে।

তেওঁ ভাষণ প্ৰসংগত ২০২৩ত যুৱ ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত কৰাৰ লক্ষ্যৰ কথাও উল্লেখ কৰে। ২৮ জানুৱাৰীত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি শ্বহীদ হোৱা আৰক্ষীৰ পৰিয়ালৰ লোকক চাকৰি প্ৰদান কৰিব চৰকাৰে।

ইফালে, ৰাজ্যৰ ৫০০ হাইস্কুলৰ অত্যাধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ লক্ষ্য লৈছে চৰকাৰে। ৰাজ্যৰ অৰ্থনীতি পূৰ্বতকৈ অধিক শক্তিশালী হৈছে বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চাৰি বছৰ পূৰ্বে ৭ হাজাৰ ৯ শ ৪৬ কোটি টকা মূলধনী ব্যয় আছিল। বিপৰীতে এই ব্যয় এতিয়া চাৰিগুণ বৃদ্ধি পাইছে। অহা ২৫টা বছৰ দেশৰ লগতে অসমেও শান্তি, প্ৰগতি, দিশত আগবাঢ়িব লাগিব বুলি কয় ড০ শৰ্মাই।

তেওঁ, লখিমপুৰত নিৰ্মাণ হোৱা মাধৱদেৱ কলাক্ষেত্রই এই বছৰতে পূৰ্ণতা পাব বুলিও উল্লেখ কৰে। জোঙাল বলহু গড়ক পৰ্যটন ক্ষেত্রলৈ ৰূপান্তৰ কৰাৰ কথা ঘোষণা কৰি তেওঁ কয়, ব’হাগ বিহুত ডাঙৰ সামাজিক অনুষ্ঠান আয়োজন কৰা হ’ব। ১০-১৫হাজাৰ ঢুলীয়াই ঢোল বজাই বিশ্ব ৰেক’ৰ্ড কৰাৰ চেষ্টা কৰিব। ইয়াৰোপৰি অনুষ্ঠিত কৰিব ক্রীড়া সমাৰোহ।

ইফালে চৰকাৰে আগন্তুক সময়ত গ্ৰহণ কৰিবলগীয়া কেইবাখনো আঁচনিৰ বিষয়েও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। তেওঁ কয়, ২০২৩ত দৰিদ্রতা নিৰ্মূলৰ বাবে চৰকাৰৰ কেইবাখনো আঁচনি গ্রহণ কৰিব। ৪০ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। অৰুণোদয় আঁচনিত আৰু ৮ লাখ মহিলাক অন্তৰ্ভুক্তি কৰা হ'ব।

চলিত জানুৱাৰী মাহত এই পৰ্যন্ত অসম চৰকাৰে কৃষকৰ পৰা ১ লাখ মেট্রিকটন ধান ১৬ ক্রয় কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে। আগন্তক ফেব্ৰুৱাৰীৰ ভিতৰত চৰকাৰে ২ লাখ ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

ইফালে দেশমাতৃৰ স্বাৰ্থত ত্যাগ স্বীকাৰ কৰা আৰক্ষীৰ পৰিয়াললৈ সংস্থাপন আগবঢ়োৱাক কথা পুনৰবাৰ দোহাৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। তেওঁ অহা ২৮ জানুৱাৰীত তেনে পৰিয়ালৰ একোজনকৈ লোকলৈ চৰকাৰী চাকৰি দিয়া হ'ব বুলিও উল্লেখ কৰে।

৯ আৰু ১০ ফেব্রুৱাৰীত চৰকাৰী কৰ্মচাৰীক ছুটী মঞ্জুৰ কৰা হৈছে। সেই দুটা দিন পিতৃ-মাতৃৰ বন্দনা দিন হিচাপে গণ্য কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। তেওঁ গুণোৎসৱৰ আৰ্হিত এইবাৰ স্বাস্থ্য সেৱা উৎসৱ হ’ব বুলিও কয়। গুণগত চিকিৎসা সেৱা দিয়াৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

আনহাতে, গণৰাজ্য দিৱসৰ দিনটোত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমৰ সামৰ্থ্যবান লোকসকলকএকোটা অংগণাৱাড়ী কেন্দ্ৰৰ দায়িত্ব লবলৈ আহ্বান জনাইছে। এনে কেন্দ্ৰৰ পৰিচালনা, ব্যয় বহন কৰিবলৈ সমৰ্থবান লোকক আহ্বান মুখ্যমন্ত্ৰীৰ।

তেওঁ ৰাজ্যৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলক সপ্তাহৰ আটাইকেইটা দিনত নহ’লেও ওচৰৰ এখন বিদ্যালয়ত সপ্তাহৰ অন্তত দুদিন পাঠদান কৰিবলৈ আহ্বান জনায়।

খানাপাৰাৰ পৰা আলফালৈ মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বানঃ দেখুৱালে সপোন, দিলে আশা...
দেশৰ বাবে স্বামীক হত্যা কৰা স্বাধীনতা সেনানীগৰাকী...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in