সকাহ ! ২ লাখৰো অধিক বান পীড়িত লোকলৈ চৰকাৰে আগবঢ়ালে সাহায্য, অৰুণোদয় মাহ আৰম্ভ…

সকাহ ! ২ লাখৰো অধিক বান পীড়িত লোকলৈ চৰকাৰে আগবঢ়ালে সাহায্য, অৰুণোদয় মাহ আৰম্ভ…

author-image
asomiyapratidin
New Update
সকাহ ! ২ লাখৰো অধিক বান পীড়িত লোকলৈ চৰকাৰে আগবঢ়ালে সাহায্য, অৰুণোদয় মাহ আৰম্ভ…

ডিজিটেল ডেস্ক : ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে অৰুণোদয় মাহ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ পৰা এই অৰুণোদয় মাহ উদ্বোধন কৰাৰ বিপৰীতে ১৫ গৰাকী মন্ত্ৰীয়ে ৰাজ্যৰ ১৫ খন জিলাৰ পৰা এই অৰুণোদয় মাহৰ আৰম্ভণি কৰিছে।

Advertisment

অৰুণোদয় মাহৰ আৰম্ভণি কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এক সংবাদ মেল সম্বোধন কৰে। এই সংবাদমেলত বান বিধ্বস্ত পৰিয়ালক ক্ষতিপূৰণ, অৰুণোদয় আঁচনি আদিৰ সন্দৰ্ভত বিশেষ ঘোষণা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় মাহৰ শুভাৰম্ভ কৰি কয় যে- অৰুণোদয় আঁচনি অসমৰ আটাইতকৈ ডাঙৰ আঁচনি। পূৰ্বতে এই আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিছিল ৮৩০ টকা। পৰৱৰ্তী সময়ত হিতাধিকাৰীসকলে ১০০০ টকাকৈ লাভ কৰিছিল অৰুণোদয় আঁচনিৰ ধন। এতিয়াৰে পৰা এই আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ১২৫০ টকা। এই ১২৫০ টকাৰ ২৫০ টকা বিদ্যুৎ বিল পৰিশোধৰ বাবে বিশেষভাৱে দিয়া হ'ব।

আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৬ লাখ নতুন হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ইয়াৰ উপৰিও অৰুণোদয়ৰ হিতাধিকাৰীৰ তালিকা পৰীক্ষা কৰাৰ লগতে শনিবাৰৰ পৰা হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ আঁচনিৰ বাবে হিতাধিকাৰীগৰাকীউপযুক্ত হয় নে নহয় সেই বিষয়ে পৰ্যবেক্ষণ কৰাৰ লগতে বিভিন্ন তথ্যৰ পৰীক্ষা কৰিব এন.চি.চি, এন.এছ.এছ, স্কাউড এণ্ড গাইডৰ যুৱক-যুৱতীয়ে।

অৰুণোদয়ৰ হিতাধিকাৰীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে-পূৰ্বতে এই আঁচনিৰ ধন লাভ কৰা বহু লোকৰ মৃত্যু হৈছে। লগতে আন বহুতে চাকৰি পাইছে। এনেবোৰ কাৰণত ঘৰে ঘৰে গৈ পৰীক্ষা কৰা হ'ব। কাৰণ গাঁৱৰ পিছপৰা ঘৰখন যাতে বাদ পৰি নৰয় এই আঁচনিৰ পৰা। ২০ ছেপ্টেম্বৰৰ ভিতৰত অযোগ্য হিতাধিকাৰীক চিনাক্ত কৰা হ'ব।

আনহাতে, ২০২২ত বানপানীত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াললৈ শনিবাৰে বানসাহায্য মোকলাই দিয়াৰ কথাও সংবাদ মেলখনত ঘোষণা কৰে ৰাজ্য চৰকাৰে। বান বিধ্বস্ত লোকৰ বাবে ক্ষতিপূৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- চলিত বানত ২ লাখ ৪৩ হাজাৰ ৪৮ গৰাকী লোকৰ বাসগৃহ সম্পূৰ্ণ বা প্ৰায় সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল। এইসকল লোকৰ সাহায্য তথা পুনৰ সংস্থাপনৰ বাবে ১০০ কোটি ১০ লাখ টকা মুকলি কৰি দিছে চৰকাৰে। কাছাৰ জিলাত সৰ্বাধিক ৮১,৫৩৮ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। কৰিমগঞ্জত ২৮,৩৬৪ গৰাকী লোক ৫,১৮৫টা ঘৰ সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হৈছে বানত। শনিবাৰৰ দিনটোতে চৰকাৰে এই ধন মুকলি কৰি দিব।

ইতিমধ্যে ৰাজ্যচৰকাৰৰ মন্ত্ৰী, বিধায়ক সকল উপস্থিত হৈছে এই বান বিধ্বস্ত এলেকাত। ৩৪খন জিলাৰ বানাক্ৰান্তক সাহায্য দিব চৰকাৰে। শনিবাৰে দিনৰ ১২:৩০ বজাত ক্ষতিগ্ৰস্ত লোকসকলৰ একাউণ্টত সোমাব ধন। DBT ৰ জৰিয়তে বান বিধ্বস্তৰ একাউণ্টত সোমাব ধন।

ইয়াৰ উপৰিও প্ৰতিটো একাউণ্টত ১ টকাকৈ দি ভেৰিফাই কৰা হৈছে। ১ লাখ ৩১ হাজাৰ ৯৮টা বেংক একাউণ্টত শনিবাৰে সোমাব সাহায্যৰ ধন। বানত স্কুল, মথাউৰি, অংগনবাড়ী কেন্দ্ৰত হোৱা ক্ষতি পূৰণো দিব চৰকাৰে। কিমান স্কুল ক্ষতি হল, কিমান মথাউৰি ভাঙিল, কিমন অংগনবাড়ী কেন্দ্ৰ ক্ষতি হল সেয়া সকলো পৰীক্ষা কৰি সেইসকলোবোৰৰ বাবে ২২ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে মুকলি কৰি দিব পুঁজি।

নগাঁৱত ক্ষতিগ্রস্ত ১৫,২০০ টা পৰিয়ালৰ ক্ষতিপূৰণৰ বাবে ১১৯.১০ কোটি টকা মুকলি কৰি দিয়া হব। কাছাৰ জিলাত বানত সৰ্বাধিক ক্ষতিগ্রস্ত হৈছিল পৰিয়াল। কাছাৰত মুঠ ক্ষতিগ্রস্ত হৈছিল ৮১,৫৩৮ টা পৰিয়াল। ৫,১৮৫ টা পৰিয়ালৰ ঘৰ সম্পূৰ্ণভাৱে বিধ্বস্ত হৈছিল। নলবাৰীত ১০,৫৬৪, দৰঙত ১০,১৯৫ টা পৰিয়াল ক্ষতিগ্রস্ত হৈছিল। কামৰূপ জিলাত ক্ষতিগ্রস্ত ২০,৬১৫ টা পৰিয়াল। কাৰ্বি আংলঙৰ বাহিৰে ৩৪ খন জিলা ক্ষতিগ্রস্ত হৈছিল বানত।২,৪৩,৯১৯ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছিল বানত। এই সকলোবোৰৰ ক্ষতিপূৰণ দিব ৰাজ্য চৰকাৰে।

বানত সৰ্বস্ৰ হেৰুৱাই ৩০৯টা পৰিয়ালে বৰ্তমান মথাউৰিত আশ্ৰয় লৈ আছে। সেই পৰিয়ালকেইটাক ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ'ব ১ লাখকৈ টকা। ছেপ্টেম্বৰৰ পৰা পুনৰ দলং, মথাউৰি নিৰ্মাণ আৰম্ভ হ'ব। বানে ভঙা মথাউৰি, দলং নিৰ্মাণ কৰা হ'ব। সংবাদমেলত ক'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বিদ্যালয়ৰ কিতাপৰ ভাষা সন্দৰ্ভতো প্রতিক্রিয়া মুখ্যমন্ত্রীৰ। ভাৰতত 'বিদ্যা অঞ্জলি' আঁচনি আৰম্ভ কৰিছে প্রধানমন্ত্রী মোডীয়ে। 'আমি আছু বা দল-সংগঠনক শুধি সিদ্ধান্ত নলও'। 'আমি ভোট দিয়া ৰাইজৰ কথা ভাবিহে সিদ্ধান্ত লম'।

assam guwahati himanta biswa sarma bjp