অহা ২ অক্টোবৰত গুৱাহাটীত হ’বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ খেলৰ বাবে সমিতি গঠন…

অহা ২ অক্টোবৰত গুৱাহাটীত হ’বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ খেলৰ বাবে সমিতি গঠন…

author-image
asomiyapratidin
New Update
অহা ২ অক্টোবৰত গুৱাহাটীত হ’বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ খেলৰ বাবে সমিতি গঠন…

ডিজিটেল ডেস্ক : ২ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলখনৰ প্ৰস্তুতি নিৰীক্ষণ কৰিবলৈ শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সমিতি গঠন কৰে। মুখ্যমন্ত্ৰী শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত দিছপুৰৰ ৰাজ্যিক সচিবালয়ত এই সন্দৰ্ভত এক বিশেষ বৈঠক অনুষ্ঠিত হয়।

Advertisment

বৈঠকত অসম ক্ৰিকেট সংস্থাৰ (এচিএ) সম্পাদক, মেট্ৰ'পলিটান জিলা প্ৰশাসন, অসম আৰক্ষী আৰু ৰাজহুৱা নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব দেৱজিৎ শইকীয়া উপস্থিত থাকে।

তদুপৰি, মুখ্যমন্ত্ৰীয়ে নৱগঠিত সমিতিখনক চহৰখনত দুৰ্গা পূজা উদযাপনৰ মাজত অনুষ্ঠিত হ'বলগীয়া খেলখনৰ সৈতে অতি নিষ্ঠাৰে বিষয়টো নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।

ইফালে, বৈঠকত সিদ্ধান্ত লোৱা হয় যে ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা খেলখনৰ টিকট বিক্ৰী অনলাইনযোগে আৰম্ভ হ'ব। বৰষাপাৰাত মুঠ ৩৯,৫০০ আসনৰ ক্ষমতা আছে আৰু তাৰ ভিত্তিত বিক্ৰী হ'ব মুঠ ৩২ হাজাৰ টিকট।

assam himanta biswa sarma guwahati Assam police