/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/408a29a2-075e-40c9-b31e-a36682f3d184/CHAY.jpg)
CHAYGAON
ডিজিটেল সংবাদ, ছয়গাঁও : ছয়গাঁৱত অসম চৰকাৰৰ অৰ্থ সাহাৰ্যৰে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ দ্বাৰা নিৰ্মিত দুটাকৈ শীতলীকৃত গৃহ মঙলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
আজি দিনৰ প্ৰায় ১১ বজাত ছয়গাঁৱত উপস্থিত হৈ প্ৰথমে মুখ্যমন্ত্ৰীগৰাকীয়ে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মা চণ্ডিকা দেৱালয়ত দেৱীৰ আশীষ গ্ৰহণ কৰে। তাৰ পাছত পানেৰী ছাটাবাৰীস্থিত অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম চৌহদত প্ৰথমটো শীতলীকৃত গৃহ উদ্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/48dbb87f-252a-47b6-9bf8-325ccc405e17/444333.jpg)
তাৰ পাছতেই ছয়গাঁৱৰ ভবানীপুৰস্থিত ৫ হাজাৰ মেট্ৰিনটন ধাৰণ ক্ষমতা সম্পন্ন দ্বিতীয়টো শীতলীকৃত গৃহ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰী গৰাকীয়ে ছয়গাঁও মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰে।
এই সভাখন অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে। সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদানৰ সময়ত কয় যে - এই আঁচনিৰ উদ্বোধনেৰে অসমৰ কৃষিৰ উত্তৰণৰ দিশত আজিৰ দিনটো উল্লেখনীয় হিচাপে বিবেচিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/53bb585e-af3f-4913-90e5-d239bdaf11c0/6666.jpg)
লগতে সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ সকলো পৰিয়ালেই নিজৰ ঘৰত অগৰ গছৰ উৎপাদন আৰু প্ৰচেছিং কৰাত বাধা নাথাকিব বুলি ঘোষণা কৰে। আনহাতে, অসমত নতুনকৈ ৫২ লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।