বিশেষভাৱে সক্ষম ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী হিমনে অঁকা ছবি ঘৰৰ পৰা মাতি নি মুখ্যমন্ত্ৰীয়ে কৰিলে গ্ৰহণ

যুৱকজনে খুব সুন্দৰ ছবি আঁকে। ইতিমধ্যে তেওঁৰ ছবিয়ে বিভিন্ন ক্ষেত্ৰত যথেষ্ঠ সমাদৰ লাভ কৰিছে।

author-image
Asomiya Pratidin
New Update
বিশেষভাৱে সক্ষম ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী হিমনে অঁকা ছবি  ঘৰৰ পৰা মাতি নি মুখ্যমন্ত্ৰীয়ে কৰিলে গ্ৰহণ

himanta biswa sarma meet himon

ডিজিটেল ডেস্ক: যুৱকজনে খুব সুন্দৰ ছবি আঁকে। ইতিমধ্যে তেওঁৰ ছবিয়ে বিভিন্ন ক্ষেত্ৰত যথেষ্ঠ সমাদৰ লাভ কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়তো উজ্বলি উঠিছে গুৱাহাটীৰ হিমন বৰুৱা নামৰ যুৱকজনৰ ছবি।

Advertisment

হিমনৰ লগতে পত্নী আনন্দিতাইও এগৰাকী নিপুন চিত্ৰশিল্পী। হিমনক দেখিলে কোনোৱে নক'ব যে তেওঁ কাণেৰে নুশুনে আৰু কথা ক'ব নোৱাৰে। হিমনক লৈ সৰুতে পিতৃ-মাতৃয়ে যথেষ্ঠ চিন্তিত হৈছিল।কিন্তু বিচাৰি উলিয়াইছিল হিমনৰ প্ৰতিভা। কি কৰি ভাল পাই হিমনে। ছবিত ৰাপ থকা হিমনক আৰ্ট স্কুলত ভৰ্তি কৰি দিছিল। এতিয়া ছবিয়েই তেওঁৰ বাবে হৈ পৰিল প্ৰাণ। হিমনৰ বাবে পৰিয়ালে নিৰ্বাচন কৰা যুৱতী গৰাকীয়েও ভালদৰে ক'ব বা কথাবোৰ শুনা নাপায়। তেওঁৰ নাম আনন্দিতা বৰুৱা। দুয়ো ছবিৰে প্ৰকাশ কৰে মনৰ ভাষা।

হিমনৰ এক সাক্ষাতকাৰ প্ৰকাশ পাইছিল''অসমীয়া প্ৰতিদিন ডিজিটেল'' সংস্কৰণত। সাংবাদিক মৃদুল কুমাৰ সন্দিকৈৰ সৈতে হোৱা কথা-বতৰাত দুয়ো উল্লেখ কৰিছিল যে দুয়োৰে ইচ্ছা আছে এখন প্ৰদৰ্শনী পতাৰ যুটীয়াভাৱে। লগতে জনাইছিল যে মুখ্যমন্ত্ৰী শৰ্মাক নিজ হাতে দিব বিচাৰে তেওঁ অংকন কৰা এখন ছবি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিলিকি উঠিছিল হিমনৰ কেনভাছত।

এই সাক্ষাতকাৰৰ পাছতেই আশা পূৰণ হ'ল হিমন, আনন্দিতাৰ। দেওবাৰে মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে হিমন, আনন্দিতা তথা পৰিয়ালটিক।

সপোন পূৰণ হ'ল হিমনৰ। মুখ্যমন্ত্ৰীক গ্ৰহণ কৰিলে তেওঁ হাতে অঁকা ছবি। মুখ্যমন্ত্ৰীয়ে হিমন-আনন্দিতাৰ প্ৰশংসা লগতে কোলাত তুলি ল'লে ছমহীয়া কেঁচুৱাটি। লগত যোৱা পিতৃ-মাতৃক পুত্ৰ-বোৱাৰী,নাতিৰ ভৱিষ্যতৰ বাবে সদায় সম্ভৱপৰ সহায় সযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বহু ব্যৱস্তাৰ মাজতো প্ৰায় আধা ঘন্টা সময় তেওঁলোকৰ লগত কটায় মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীৰ সাক্ষাতে আনন্দিত কৰি তুলিছে পৰিয়ালটিক। দুয়োৰে বহুদিনীয়া সপোন পূৰণ হোৱাক লৈ সুখী হিমন, আনন্দিতা।

https://www.asomiyapratidin.in/editorial-desk/special-writing/special-writing-by-mridul-kumar-handique-on-himon-anindita-guwahati

assam guwahati himanta biswa sarma