ডিজিটেল ডেস্কঃ বছৰৰ পহিলা দিনটোতে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কইনাধৰাত সংবাদ মাধ্যমৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক আৰু বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত 'নতুন দিনৰ আলাপ' অনুষ্ঠানত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বিশেষকৈ অসম চৰকাৰৰ সফলতাসমূহক দাঙি ধৰাৰ উপৰিও তেওঁ চৰকাৰৰ আগন্তক পৰিকল্পনা আৰু প্ৰত্যাহ্বান, বহিঃৰাষ্ট্ৰৰ আভ্যন্তৰীণ ৰাজনীতিয়ে অসমত পেলাব পৰা প্ৰভাৱ আদিৰ সন্দৰ্ভত তেওঁ বক্তব্য ৰাখে।
এই অনুষ্ঠানতে তেওঁ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ কেইবাটাও ভাল খবৰ কঢ়িয়াই আনিছে। তেওঁ আজি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে মুকলি কৰে ‘স্বাগত সতীৰ্থ’ প’ৰ্টেল। এই প’ৰ্টলেৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে পাৰস্পৰিক বুজাবুজিৰে কৰ্মচাৰীয়ে পাব বদলিৰ সুবিধা।
মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জনাইছে যে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে এতিয়াৰে পৰা বিনামূলীয়া বীমাৰ ব্যৱস্থা লাভ কৰিব। যদি কোনো কৰ্মচাৰীৰ মৃত্যু হ’য় তেন্তে এই বীমাৰ ধন লাভ কৰিব। সাধাৰণ ভাৱে যদি কোনো কৰ্মচাৰীৰ মৃত্যু হয় তেন্তে ১০ লাখ টকা আৰু কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনা জনিত কাৰণত মৃত্যু হ’লে ১ কোটি টকা তেওঁৰ নিকটাত্মীয়ই লাভ কৰিব।
২০২৪ বৰ্ষটোক প্ৰাপ্তিৰ বছৰ আখ্যা দিয়ে ড০ শৰ্মাই । তেওঁ কয়, ‘‘২০২৪ বৰ্ষত ৩৩ খন কেবিনেট বৈঠক হৈছে। আনফালে ২০২৪ৰ ২৩ ডিচেম্বৰ পৰ্যন্ত ১৪৫খন কেবিনেট বৈঠক। ১৪৫ কেবিনেট বৈঠকত ১৯২২টা সিদ্ধান্ত লোৱা হয়৷ ১৯২২টা সিদ্ধান্তৰ ভিতৰত ১৮৭৬টা সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে৷ কেবিনেট বৈঠকত লোৱা সিদ্ধান্তৰ ৯৭.৬১% সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে৷ ৫৪খন ই-কেবিনেট বৈঠক সম্পন্ন হৈছে অসমৰ বিত্তীয় পৰিৱেশ সুস্থিৰ হৈছে। ২০২৮লৈ মিলিয়ন ইক’নমিলৈ ৰূপান্তৰিত হ’ম। অসমৰ জিডিপি দেশৰ ১৭নং স্থানত আছে।’’
তেওঁ আৰু কয়, ‘‘২০২৪ৰ বৰ্ষ টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰম্ভ হৈছে। ২৭ হাজাৰ কোটি টকা বিনিযোগ হৈছে এই প্ৰকল্পত। চৰাইদেউৰ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰিলে। বিগত বছৰটোত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্য্যদা লাভ কৰিলে। এতিয়া আমি ইউনিকডৰ আওতালৈ অনাৰ প্ৰচেষ্টা চলাই আছো।’’
তেওঁ বৰ্তমানলৈকে অসম চৰকাৰে ১,২৪,৬৮০ গৰাকীক নিযুক্তি দিয়াৰ কথা উল্লেখ কৰি কয় যে, এই নিযুক্তি সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে বাধাহীনভাৱে সম্পন্ন হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত অপৰাধজনিত ঘটনাৰ সংখ্যা হ্ৰাস পোৱাৰ কথা উল্লেখ কৰি কয় যে, ‘‘অসমত অপৰাধজনিত গোচৰৰ সংখ্যা হ্ৰাস হৈছে। মহিলাৰ বিৰুদ্ধে গোচৰৰ সংখ্যা হ্ৰাস হৈছে।
ৰাজ্যত অসম বন্ধৰ আহ্বান কোনেও নিদিয়াৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘‘যোৱা ৩ বছৰত অসম বন্ধৰ ঘোষণা কৰা নাই। প্ৰতিবাদ, পুত্তলিকা দাহৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে। দুৰ্ঘটনাত মৃত্যু হোৱাৰ লোকৰ সংখ্যাও হ্ৰাস হৈছে।’’
ইফালে ৰাজ্যৰ নাৰীজনিত অপৰাধৰ সংখ্যা হ্ৰাস হৈছে বুলি উল্লেখ কৰি ড০ শৰ্মাই আৰু কয়, ‘‘ অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ ৮২.১৯ শতাংশ হ্ৰাস হৈছে। বাল্য বিবাহৰ বিৰুদ্ধে মুঠ ৭৩৬১টা গোচৰ ৰুজু কৰা হৈছে।
তেওঁ উল্লেখ কৰা অনুসৰি ৰাজ্যত নাৰীজনিত অপৰাধৰ গোচৰত ৫৯৭৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰু ৫৫৭৭ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে। ২০২৪ ৰ ২৯ ডিচেম্বৰ পৰ্যন্ত ৰাজ্যত বাল্য বিবাহ সম্পৰ্কীয় ৫৫৩ টা গোচৰ ৰুজু হৈছিল। এই গোচৰত ৬৪২ জনক গ্ৰেপ্তাৰ কৰা হয়।
বছৰটোত দুৰ্নীতি নিবাৰণৰ বাবে মুঠ অভিযান ৬০ টা চলোৱা হৈছিল। এই অভিযানত ৭৪ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হয়৷ ইয়াৰ ভিতৰত ৬৯ জন চৰকাৰী কৰ্মচাৰী আৰু ৪ গৰাকী মধ্যভোগী৷ এই অভিযানত নগদ ২.১৪ কোটি টকা জব্দ কৰা হয়৷
২০২৫ বৰ্ষত ৰাজ্যবাসীয়ে কি কি লাভ কৰিব সেই বিষয়েও সবিশেষ উল্লেখ কৰিছে ড০ শৰ্মাই। তেওঁ উল্লেখ কৰা মতে, ২০২৫ ৰ জুন-জুলাইৰ ভিতৰত উদ্বোধন কৰা হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং। এই দলংখন কুমাৰ ভাস্কৰ বৰ্মনৰ নামেৰে নামকৰণ কৰা হ’ব।
অহা ফেব্ৰুৱাৰীত আৰম্ভ হ’ব নাৰেংগী-কুৰুৱা দলং নিৰ্মাণৰ কাম। পলাশবাৰী-শুৱালকুছি সংযোগী দলংখনৰ নিৰ্মাণৰ কামো আৰম্ভ হৈছে। গুৱাহাটীত চলি থকা ৰাজ্য চৰকাৰৰ প্ৰকল্পসমূহৰ সন্দৰ্ভত তেওঁ কয়, গুৱাহাটীত চলি থকা প্ৰকল্পসমূহৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে গুৱাহাটীয়ে নতুন ৰূপ পাব।
আজি নতুনকৈ গুৱাহাটীত ৫৬খন ইলেকট্ৰিক বাছৰ সেৱাৰ শুভাৰম্ভ হৈছে। ২০২৫ৰ ভিতৰত গুৱাহাটীৰ ৰাইজে আৰু ১০ ০খন ইলেকট্ৰিক বাছ লাভ কৰিব। ৰাজ্য চৰকাৰে গুৱাহাটীত ২০২৬ ৰ ভিতৰত ডিজেল বাছৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰাৰ চিন্তা-চৰ্চা কৰা বুলিও উল্লেখ কৰিছে। তেওঁ কয়, অহা এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব ইষ্ট ওৱেষ্ট কৰিড’ৰ কাম।
নতুন বছৰত মুখ্যমন্ত্ৰীয়ে দিয়া ভাল খবৰৰ ভিতৰত অন্যতম বিদ্যুৎ বিল হ্ৰাসৰ খবৰ। তেওঁ জনোৱা অনুসৰি অহা সময়ছোৱাত বিদ্যুৎ বিল ৫০ পইচাৰ পৰা ডেৰ টকা পৰ্যন্ত হ্ৰাস কৰা হ’ব। ২০২৬ চনত আৰু এটকা হ্ৰাস হ’ব।
তেওঁ জনোৱা অনুসৰি এপ্ৰিলত ব’হাগ বিহুৰ সময়ৰে পৰা বিদ্যুতৰ মাছুল হ্ৰাস কৰা হ’ব। লগতে তেওঁ ১২ হাজাৰ কোটি টকা ব্যয়ৰে গহপুৰ আৰু নুমলীগড়ৰ মাজত ব্ৰক্ষ্মপুত্ৰত সুৰংগ নিৰ্মাণৰ কথাও পুনৰ এবাৰ আজিৰ এই অনুষ্ঠানত উল্লেখ কৰে।
মুখ্যমন্ত্ৰীৰ আজিৰ ভাষণত ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনেও স্থান লাভ কৰে। তেওঁ জনোৱা অনুসৰি কাজিৰঙাত প্ৰধানমন্ত্ৰীয়ে নিশা অতিবাহিত কৰাৰ পাছৰে পৰা বৃদ্ধি হৈছে পৰ্যটকৰ সংখ্যা। তাৰোপৰি ৰাষ্ট্ৰপতি, ভূটানৰ ৰজায়েও কাজিৰঙা পৰিদৰ্শন কৰিছে। আগন্তুক সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানতো এটা নিশা পাৰ কৰিব বুলি জনাইছে ড০ শৰ্মাই।
ইফালে বাংলাদেশৰ পৰিবৰ্তিত ৰাজনৈতিক পৰিস্থিতি আৰু আভ্যন্তৰীণ অস্থিৰতাৰ বাবে অসমলৈ প্ৰত্যাহ্বান অহাৰ কথাও তেওঁ গুৰুত্বসহকাৰে আজি উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰা অনুসৰি বাংলাদেশৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিত দেশখনৰ কাপোৰৰ উদ্যোগ ধ্বংস হৈ পৰিছে।
ফলত দেশখনৰ সংখ্যাগুৰু শ্ৰমিকসকলে কামৰ সন্ধানত ভাৰতত প্ৰৱেশ কৰিছে৷ তেওঁ উল্লেখ কৰা মতে অবৈধভাৱে অসমত ২০-৩০ জনে বাংলাদেশীয়ে প্ৰৱেশ কৰিছে আৰু অসম আৰক্ষীয়ে আটক কৰি উভটাই পঠিয়াইছে৷ তেওঁ জনোৱা মতে ২০২৪ ত প্ৰায় এহেজাৰ বাংলাদেশীক অবৈধভাৱে ভাৰতত প্ৰবেশ কৰাৰ সময়ত আটক কৰি পৰবৰ্তী সময়ত বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে।
ইফালে ৰাজ্যৰ অৰ্থনৈতিক পৰিবেশ বিধ্বস্ত হৈ পৰাৰ লগতে ডেৰ হাজাৰ কোটিৰো অধিক ঋণত অসম ভাৰাক্ৰান্ত হোৱাক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত তেওঁ আজিৰ অনুষ্ঠানত মুখ খুলিছে। তেও কয়, যিমানে ঋণ লম সিমানে আমাৰ জিডিপি বাঢ়িব।
ঋণৰ প্ৰসংগত তেওঁ বিৰোধীকো চোকা সমালোচনা কৰে। তেওঁ বিৰোধী য’ত চৰকাৰ আছ তেওঁলোকে ঋণ লয় নে নলয় বুলিও প্ৰশ্ন কৰে। এই বছৰত তৰুণ গগৈৰ চৰকাৰৰ সময়ত লোৱা ঋণ সম্পূৰ্ণ পৰিশোধ কৰা হৈছে বুলিও মন্তব্য কৰিছে।