গুৱাহাটীবাসীৰ বাবে মুকলি হ’ল নতুন উদ্যান…

গুৱাহাটীবাসীৰ বাবে মুকলি হ’ল নতুন উদ্যান…

author-image
asomiyapratidin
New Update
গুৱাহাটীবাসীৰ বাবে মুকলি হ’ল নতুন উদ্যান…

ডিজিটেল ডেস্কঃ গুৱাহাটীবাসীক এক নতুন উদ্যান উপহাৰ দিলে ৰাজ্য চৰকাৰে। গুৱাহাটীৰ হেঙেৰাবাৰীত মঙ্গলবাৰে মুকলি কৰা হৈছে এই নতুন উদ্যানখন। নতুন উদ্যানখনৰ নামাকৰণ কৰা হৈছে 'অমৃত উদ্যান' হিচাপে। এই উদ্যানখন ৬০ বিঘা ভূমিত নিৰ্মাণ কৰা হৈছে।

মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীত শীঘ্ৰেই আৰু তিনিখন উদ্যান নিৰ্মাণৰ কথাও ঘোষণা কৰে। ইয়াৰ মাজতে অহা ডিচেম্বৰ মাহত মাছখোৱা বটানিকেল উদ্যানখন মুকলি কৰা হ'ব বুলিও প্ৰকাশ কৰিছে। উল্লেখ্য যে আজি মুকলি কৰা অমৃত উদ্যানৰ পৰিকল্পনা ২০১৫ তেই আৰম্ভ হৈছিল।

অনুষ্ঠানত উপস্থিত থাকি সাংবিদকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছে স্বাধীনতা আন্দোলন আৰম্ভ কৰাৰ পূৰ্বৰে পৰা স্বাধীনতা সংগ্ৰাম চলি আছিল। প্ৰথমে স্বাধীনতা আন্দোলন কৰিছিল জনজাতীয় লোকসকলে। গুৱাহাটীত শুংবোধন থাংলুৰ মূৰ্তি কোনেও বনোৱা নাছিল, অমৃত উদ্যানত তেওঁৰ প্ৰথমটো প্ৰতিমূৰ্তি বনোৱা হৈছে। 

ইয়াৰ উপৰিও তেওঁ কয়, স্বাধীনতা সংগ্ৰাম আৰম্ভ কৰা আঠজন উত্তৰ–পূবৰ শ্বহীদক এই উদ্যানত স্থান দিয়া হৈছে। লগতে তেওঁ অহা বছৰৰ ভিতৰত মালিগাওঁ ফ্লাই অভাৰৰ কাম সম্পূৰ্ণ হ'ব বুলিও প্ৰকাশ কৰিছে।