ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ওপৰত খৰ্গহস্ত মুখ্যমন্ত্ৰীঃ খহনীয়া ৰোধত ব্যৰ্থ ব্ৰহ্মপুত্ৰ ব’ৰ্ডক নিৰ্ধাৰণ কৰি দিলে ছমাহৰ সময়সীমা

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ওপৰত খৰ্গহস্ত মুখ্যমন্ত্ৰীঃ খহনীয়া ৰোধত ব্যৰ্থ ব্ৰহ্মপুত্ৰ ব’ৰ্ডক নিৰ্ধাৰণ কৰি দিলে ছমাহৰ সময়সীমা

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ওপৰত খৰ্গহস্ত মুখ্যমন্ত্ৰীঃ খহনীয়া ৰোধত ব্যৰ্থ ব্ৰহ্মপুত্ৰ ব’ৰ্ডক নিৰ্ধাৰণ কৰি দিলে ছমাহৰ সময়সীমা

ডিজিটেল সংবাদ মাজুলীঃ মাজুলীত খৰালিও অব্যাহত আছে ভয়াবহ খহনীয়া। ভকত চাপৰি,কমলাবাৰী ঘাট, চুমৈমাৰী, শালমৰা, কামজান এলেঙীত বিঘাই বিঘাই ভূমি দিনৌ বিলীন হৈছে লুইতত। কুম্ভকৰ্ণ নিদ্ৰাত মাজুলী সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব'ৰ্ড, কানসাৰ নাই জিলা প্ৰশাসনৰ। আগন্তুক উপ-নিৰ্বাচন বৰ্জন, ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ আদি কঠোৰ সিদ্ধান্ত লৈছে মাজুলী ভকত চাপৰি ১৭ খন গাঁৱৰ গঞাই।

Advertisment

সংকোচিত হৈ আহিছে অঞ্চলটোৰ ভূ-খণ্ড। যোৱা ৯ ফেব্ৰুৱাৰীত অঞ্চলটোৰ ৰাইজ একত্ৰিত হৈ ভোট বৰ্জনৰ লগতে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিলে। ১৫০০ ভোটাৰ আছে অঞ্চলটোত। অসম চৰকাৰ, জিলা প্ৰশাসন, কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ বিপৰীতে ব'ৰ্ড আৰু টি কে কোম্পানীয়ে ২৩৭ কোটি টকা লুতি আছে। বাৰিষা আহিলেই ব'ৰ্ডে ভৰা লুইতত জিঅ' বেগ পেলাই কোটি টকা শৰাধ কৰা ব্ৰহ্মপুত্ৰ ব'ৰ্ড আতৰোৱাৰ লগতে টি কে কোম্পানীক ব্লেক লিষ্টেড কৰিবলৈ দাবী জনাই আহিছে নৈ পৰীয়া গঞাই।

গৃহহীন ভূমিহীনক পুনৰ সংস্থাপনৰো দাবী জনায় আহিছে। বুধবাৰে মিত্ৰ শক্তিৰ সমৰ্থিত পাৰ্থী ভূৱন গামে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে এখন সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। মাজুলীৰ উন্নয়নেই বেছিকে স্থান পাই তেখেতৰ ভাষনত। ইয়াৰ পিছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত প্ৰতিদিন টাইমৰ তৰফৰ পৰা খহনীয়া অঞ্চলৰ লগতে প্ৰতিৰোধৰ আঁচনি বন্ধ হোৱাৰ সোধা প্ৰশ্ন উত্তৰত মুখ্যমন্ত্ৰী জনে ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ ওপৰত খৰ্গহস্ত হৈ পৰে আৰু ৬ মাহৰ সময়সীমা ধাৰ্য কৰি দিয়ে।

assam majuli himanta biswa sarma