মুখ্যমন্ত্ৰীয়ে ক'লে, পুনৰ নিৰ্মাণ হ'ব কেইবাখনো উৰণীয়া সেতু

গুৱাহাটীত পুনৰ উৰণীয়া সেতু...

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীয়ে ক'লে, পুনৰ নিৰ্মাণ হ'ব কেইবাখনো উৰণীয়া সেতু

ডিজিটেল ডেস্ক: শুকুৰবাৰে গুৱাহাটীস্থিত আৰ্য নগৰৰ উৰণীয়া সেতু উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি শৰ্মাই কয় যে মালিগাঁও উৰণীয়া সেতু খন প্রায় ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু ব’হাগ বিহুৰ পূৰ্বেই সেতুখন মুকলি কৰিব পাৰিম বুলি আশাবাদী।

অন্যহাতে জু-ৰোডৰ উৰণীয়া সেতুখনো ২০২৪ৰ ব’হাগ বিহুৰ পূৰ্বে মুকলি কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

তেওঁ গুৱাহাটীত নিৰ্মাণ হটব লগীয়া আন উৰণীয়া সেতু সন্দৰ্ভত থকা পৰিকল্পনা সম্পৰ্কে কয় যে সন্দিকৈ কলেজৰ পৰা বামুণীমৈদামলৈকে ৬ কিলোমিটাৰ উৰণীয়া সেতু নিৰ্মাণ কৰা হ'ব। মালিগাঁও, জু-ৰোডৰ উৰণীয়া সেতুৰ কাম শেষ হ’লেই এই কাম আৰম্ভ হ’ব।

চাইকেল ফেক্টৰীৰ সন্মুখতো এখন উৰণীয়া সেতু হ’ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে। অন্যহাতে কয় যে গুৱাহাটী-উত্তৰ গুৱাহাটী দলং অহা এক-ডেৰ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব।

গুৱাহাটীৰ উপৰিও পলাশবাৰী-শুৱালকুছিৰ উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য অহা বছৰ আৰম্ভ হ’ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে। বাইহাটা চাৰিআলিতো নিৰ্মাণ কৰা হ’ব এখন উৰণীয়া সেতু।

গতিকে দেখা যায় যে আগন্তুক সময়ত আৰু কেইবাখনো উৰণীয়া সেতু নিৰ্মাণৰ পৰিকল্পনা আছে চৰকাৰৰ।

flyover assam himanta biswa sarma guwahati