গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত দ্বিতীয়টো ৰেডিঅ’লজী যন্ত্র মুকলি মুখ্যমন্ত্ৰীৰ...

গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা।

author-image
Asomiya Pratidin
New Update
গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত দ্বিতীয়টো ৰেডিঅ’লজী যন্ত্র মুকলি মুখ্যমন্ত্ৰীৰ...

CM HEALTH CITY

ডিজিটেল ডেস্ক : গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী গৰাকীয়ে মুকলি কৰে চিকিৎসালয়খনৰ দ্বিতীয়টো ৰেডিঅ’লজী যন্ত্র। লগতে উপস্থিত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত। আনহাতে, মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ৫ লাখ টকাৰ অনুদান আগবঢ়ায় হেল্থ চিটী হাস্পতালে।

ৰেডিঅ’লজী যন্ত্র মুকলি কৰি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে এই যন্ত্রটোৰ জৰিয়তে কৰ্কট ৰোগীসকল বিশেষকৈ উপকৃত হ’ব। প্রধানমন্ত্রীৰ আয়ুষ্মান ভাৰতৰ যোগেদি বহু মানুহ উপকৃত হৈছে। বিনামূলীয়া চাউল পোৱা পৰিয়াললৈ ৫ লাখ টকাৰ স্বাস্থ্য বীমা প্রদান কৰিব চৰকাৰে।

ইয়াৰ উপৰিও তেওঁ কয় যে ‘ব'নমেৰু ট্ৰান্সপ্লেন্টৰ সুবিধা দিব পাৰিলে বহু লোক উপকৃত হ’ব। লগতে উল্লেখ কৰে যে ৩ দিন ৰাজ্য চৰকাৰৰ মন্ত্রী তথা বিষয়া কৰ্মচাৰী কাজিৰঙাত থাকিব। কাজিৰঙাৰ কহৰা ৰিজৰ্টত অনুষ্ঠিত কৰা হৈছে বিজেপিৰ চিন্তন শিবিৰ।

assam guwahati himanta biswa sama health city hospital