ৰাজ্যৰ উপায়ুক্তৰে মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক...

ৰাজ্যৰ উপায়ুক্তৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক ।

author-image
Asomiya Pratidin
New Update
বিপাঙত বিহু সমিতি! এতিয়ালৈকে পোৱা নাই চৰকাৰৰ ১.৫ লাখ টকা, ধাৰ মাৰিবলৈ  বিক্ৰী কৰিব পোহনীয়া গৰু...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ উপায়ুক্তৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক । ভিডিঅ’ কনফাৰেঞ্চিঙৰ জড়িয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে দেওবাৰে মিলিত হয় বৈঠকত । এই বৈঠকত অংশগ্ৰহণ কৰে প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকসকলেও ।

Advertisment

আজিৰ বৈঠকত উপায়ুক্ত সকললৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে ।ঠিকাদাৰ সকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ । সোমবাৰৰ ভিতৰত ৰাজ্যৰ পথসমূহৰ মাজত থকা সকলো গাঁত বন্ধ কৰাৰ নিৰ্দেশ । নিৰ্মাণস্থলীত বেৰিকেড ৰখাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ । নিৰ্ধাৰিত সময়ৰ পিছত ৰাজ্যৰ পথসমূহত গাঁত প্ৰত্যক্ষ কৰিলেই গ্ৰহণ কৰা হ'ব বিহিত ব্যৱস্থা । বৰষুণৰ বাবে ৰাজ্যত হ'বলগীয়া সম্ভাব্য পৰিস্থিস্তিৰ বাবে এনডিআৰএফৰ লগতে সকলো বিভাগকে সস্তম হৈ থকাৰ নিৰ্দেশ ।

নিয়ম ভংগকাৰীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা ল'বলৈ প্ৰতিগৰাকী আৰক্ষী অধীক্ষকলৈ মুখ্যমন্ত্রীৰ নিৰ্দেশ । আঁচনি প্রকল্প ৰূপায়ণত গাফিলতি হ’লে জবাবদিহি হ’ব বিষয়া ।ৰাইজৰ অভিযোগ ল’ব পৰাকৈ উপাযুক্তসকলক উপযুক্ত ব্যৱস্থা গ্রহণৰ নিৰ্দেশ । ৰাজ্যৰ সাম্ভাৱ্য বান পৰিস্থিতিক লৈও আলোচনা বৈঠকত । বৈঠকত উপস্থিত আছে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ বিষয়াসকল ।

Also Read: টলকাবাৰী কীৰ্তন গৃহত ধৰ্মলোচনী সভা সম্পন্ন...

CM DC Meet video conference meet cheif minister