/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/clim.jpg)
ডিজিটেল ডেস্ক: কভিডসৃষ্ট পৰিস্থিতিৰ বাবে দুবছৰৰ বিৰতিৰ পিছত গুৱাহাটীত শনিবাৰৰ পৰা দুদিনীয়াকৈ তৃতীয় সংখ্যক বিমল চন্দ্ৰ গোস্বামী স্মাৰক উত্তৰ-পূৱ মুকলি স্পর্ট ক্লাইম্বিং প্রতিযোগিতাৰ শুভাৰম্ভ কৰা হৈছে। ভাৰতীয় পৰ্বতাৰোহণ ফাউণ্ডেচনৰ (আই এম এফ) সহযোগত আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰ প্ৰণাৰশ্বিপ, অসম স্পর্ট ক্লাইম্বিং সন্থা আৰু অসম পৰ্বতাৰোহণ সন্থাৰ যৌথ উদ্যোগত ইয়াৰ খানাপাৰা কইনাধৰাৰ সমীপৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিণাৰশিপ চৌহদত এই কাৰ্যসূচী আৰম্ভ হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/WhatsApp-Image-2022-07-23-at-1.12.16-PM-1024x683.jpeg)
আৰম্ভ হোৱা আই এম এফ উত্তৰ পূব মাগুলিক স্পর্ট ক্লাইম্বিং ক্রীড়া আৰোহণ প্ৰতিযোগিতা খনত আয়োজক অসমৰ উপৰি অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, নগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ শতাধিক প্রতিযোগীয়ে অংশ গ্ৰহণ কৰে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ ২৬ গৰাকী মহিলা প্ৰতিযোগীয়েও অংশ গ্ৰহণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/WhatsApp-Image-2022-07-23-at-1.12.17-PM-1-1024x683.jpeg)
আজি পুৱা অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অচিন্ত মল্ল বুজৰবৰুৱাই প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে। পুৱা অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে আই এম এফৰ উত্তৰ পূৰ্বাঞ্চলৰ অধ্যক্ষ পদ্মশ্রী অনিতা দেৱী, নেডফীৰ উপ মহাপ্রবন্ধক মনোজ দাস, প্রয়াত বিমল চন্দ্ৰ গোস্বামীৰ পত্নী বিভা দেৱী, প্রতিযোগিতাৰ আয়োজক সমিতিৰ অধ্যক্ষ সত্যেন শর্মা, আই আই ইৰ প্রশাসনিক বিষয়া নয়নমণি হাজৰিকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/WhatsApp-Image-2022-07-23-at-1.12.19-PM-1024x683.jpeg)
উল্লেখযোগ্য যে অসম তথা উত্তৰ পূর্বাঞ্চলত স্পর্ট ক্লাইম্বিংক জনপ্ৰিয় কৰি তোলা মুষ্টিমেয় ব্যক্তি কেইগৰাকীৰ মাজৰ অন্যতম প্রয়াত বিমল চন্দ্র গোস্বামীৰ স্মৃতিত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত এই প্রতিযোগিতা অনুষ্ঠিত কৰি অহা হৈছে। প্রতিযোগিতাত পুৰুষ আৰু মহিলা উভয় শাখাত ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ এই তিনিটা স্তৰত প্রতিদ্বন্দিতা হৈছে।
লিড্ (Lead), পাঁড় (Speed) আৰু ৰ চাৰিং (Bouldering) এই তিনিটা শিতানত এই মাগুলিক প্রতিযোগিতাখানি অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে এই প্রতিযোগিতাত নির্বাচিত প্রতিযোগীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃরাষ্ট্রীয় প্রতিযোগিতাত অংশ গ্ৰহণ কৰাৰ বাবে নির্বাচিত হ'ব। প্ৰতিযোগিতাত অসমৰ দলটোক মুঠ ৩১ জন প্ৰতিযোগীয়ে প্রতিনিধিত্ব কৰিছে। আনহাতে অৰুণাচল প্ৰদেশৰ ১৩ জন, মেঘালয়ৰ ১৩ জন, মণিপুৰণ ১০ জন চিকিম ১ জন, ত্ৰিপুৰাৰ ৭ জন, নগালেণ্ডৰ ৩ জন প্রতিযোগীয়ে অংশ গ্ৰহণ কৰিছে।
আৰু পঢ়ক: কাছাৰত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মহিলাৰ মৃত্যু…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us