/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/34f84383-1205-4ffc-ae42-c20724d15de8/195.jpg)
ডিজিটেল সংবাদ,চৰাইদেউ : ঐতিহাসিক চৰাইদেউৰ পুৰাণতাত্বিক স্থানত বিশ্ব ঐতিহ্য সপ্তাহ ২০২৩ ৰ সংগতি ৰাখি পৰিষ্কাৰ-পৰিচ্ছন্নতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷ অসমৰ পুৰাতত্ব সঞ্চালকালয়ৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী ৷
যোৱা ১৯ নৱেম্বৰৰ পৰা চৰাইদেউৰ পুৰাণতাত্ত্বিক স্থানৰ সপ্তাহজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ঐতিহ্য সপ্তাহ ৷ ২৫ নৱেম্বৰৰ দিনা বিশ্ব ঐতিহ্য সপ্তাহ ২০২৩ৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ ইফালে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈছিল শিক্ষাৰ্থীসকলৰ মাজত অংকন প্ৰতিযোগিতা। প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷
Also Read: বোকাখাতৰ ৪গৰাকী বিশিষ্ট ব্যক্তিক অসম সত্ৰ মহাসভাৰ বিশেষ সম্বৰ্ধনা আৰু বঁটা প্ৰদান