চৰাইদেউ মৈডামত স্বচ্ছ চৰাইদেউ-সেউজ চৰাইদেউ শীৰ্ষক কাৰ্যসূচী

ভাৰত স্কাউট এণ্ড গাইড শিৱসাগৰ আৰু চৰাইদেউ জিলা সংস্থাৰ উদ্যোগ ঐতিহাসিক চৰাইদেউ মৈডাম প্ৰাঙ্গণত স্বচ্ছ চৰাইদেউ আৰু সেউজ চৰাইদেউ
চৰাইদেউ মৈডামত স্বচ্ছ চৰাইদেউ-সেউজ চৰাইদেউ শীৰ্ষক কাৰ্যসূচী

ডিজিটেল সংবাদ ,চৰাইদেউঃ মঙলবাৰে ভাৰত স্কাউট এণ্ড গাইড শিৱসাগৰ আৰু চৰাইদেউ জিলা সংস্থাৰ উদ্যোগ ঐতিহাসিক চৰাইদেউ মৈডাম প্ৰাঙ্গণত স্বচ্ছ চৰাইদেউ আৰু সেউজ চৰাইদেউ শীৰ্ষক এক কাৰ্যসূচীৰ ৰূপায়ন কৰা হয় ৷ এই উপলক্ষত চৰাইদেউ মৈডাম প্ৰাঙ্গণত আয়োজিত স্বচ্ছ কাৰ্যসূচীত চৰাইদেউ আৰু শিৱসাগৰ জিলা স্কাউটচ এণ্ড গাইডচ্ সংস্থাৰ বিষয়াসকলৰ লগতে স্থানীয় বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

আনহাতে দুপৰীয়া চৰাইদেউ মৈডাম ক্ষেত্ৰক পলিথিন মুক্ত এলেকা ৰূপে গঢ়ি তোলা প্ৰায়াসেৰে এখনি সজাগতা সভা অনুষ্ঠিত হয় ৷ লগতে সেউজ চৰাইদেউ গঢ়ি তোলাৰ উদ্দেশ্য কেইবা ঠাইত বৃক্ষৰোপনেৰে সজাগতা সৃষ্টি কৰে ৷

এই কাৰ্যসূচীত চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা,বিশিষ্ট বুৰঞ্জীবিদ পদ্মশ্ৰী ড° যোগেন্দ্ৰ নাথ ফুকন, সাংস্কৃতিক বিশেষজ্ঞ প্ৰফেছৰ ড° কে চি নৰিয়াল,শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয় পৰিদৰ্শক কমলজ্যোতি গগৈ ,উপ- পৰিদৰ্শক প্ৰণৱ গগৈ আৰু মহেন্দ্ৰ শৰ্মাকে ভালে কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

চৰাইদেউ মৈডামত স্বচ্ছ চৰাইদেউ-সেউজ চৰাইদেউ শীৰ্ষক কাৰ্যসূচী
মানকাচৰত নিপুন ভাৰত মিচনৰ সাক্ষৰতা আৰু সাংখ্যিকতা শিক্ষা সম্পৰ্কে প্ৰশিক্ষণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in