টেঙাবস্তী আৰু খেৰবাৰীত শ্ৰেণী কোঠা, ফুলনি বাগিছাৰ শুভ উদ্বোধন

উদ্বোধন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই

author-image
Asomiya Pratidin
New Update
টেঙাবস্তী আৰু খেৰবাৰীত শ্ৰেণী কোঠা, ফুলনি বাগিছাৰ শুভ উদ্বোধন

টেঙাবস্তী আৰু খেৰবাৰীত শ্ৰেণী কোঠা, ফুলনি বাগিছাৰ শুভ উদ্বোধন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস আৰু শ্ৰী শ্ৰী সৰস্বতী পূজাৰ পৱিত্ৰ দিনটোতে চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ ইটাখোলা শ্ৰীমন্ত শংকৰদেৱ ভৱন প্ৰাঙ্গনত ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পুৱাই পতাকা উত্তোলন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই ।

ইয়াৰ পাছতে টেঙাবস্তীত বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশমৰ্মে টেঙাবস্তী প্ৰাথমিক বিদ্যালয়ত অসম চৰকাৰ অধীনৰ আৰ আই ডি এফ আঁচনিৰ জৰিয়তে সৰ্বমুঠ ৫ লাখ ৮২ হাজাৰ ব্যয় সাপেক্ষে অতিৰিক্ত শ্ৰেণী কোঠা আৰু খেৰবাৰীস্থিত ইন্দিৰা গান্ধী প্ৰাথমিক বিদ্যালয়ৰ চৌহদত এখন ফুলনী বাগিছাৰ শুভ উদ্বোধন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই ৷

উদ্ধোধনী ভাষণ প্ৰসংগত সভাপতি গৰাকীয়ে কয় "মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ দৰে আদৰ্শবান বিধায়কৰ সবল প্ৰচেষ্টাৰ বাবে চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত বহু আঁচনিৰ জৰিয়তে উন্নয়নমূলক কাম কাজবোৰ ক্ষিপ্ৰতাৰে আগবাঢ়িব লৈছে । আজি সৰস্বতী পূজাৰ পবিত্ৰ দিনটোত এনে আঁচনিৰ শুভ উদ্বোধন কৰিবলৈ পায় মই নথৈ আনন্দিত হৈছোঁ।" উক্ত উদ্বোধনী অনুষ্ঠানত অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকলৰ লগতে পঞ্চায়তৰ প্ৰতিনিধি তথা বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।

আৰু পঢ়কঃ ইন্দিবৰ দেউৰী: এগৰাকী বিদগ্ধ সমাজবিজ্ঞানী

school republic day padma hazarika