শেষ হৈছে কোভিড ! আজিৰে পৰা নৱম, একাদশ আৰু স্নাতক মহলাৰ পাঠ্যক্ৰম…

শেষ হৈছে কোভিড ! আজিৰে পৰা নৱম, একাদশ আৰু স্নাতক মহলাৰ পাঠ্যক্ৰম…

author-image
asomiyapratidin
New Update
শেষ হৈছে কোভিড ! আজিৰে পৰা নৱম, একাদশ আৰু স্নাতক মহলাৰ পাঠ্যক্ৰম…

ডিজিটেল ডেস্কঃ ৰাজ্যত কোৰোনাৰ প্ৰকোপ হ্ৰাস হৈছে। কোৰোনাৰ সংক্ৰমণ হ্ৰাস হোৱাৰ প্ৰতি লক্ষ্যৰাখি ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছিল নতুন এছ অ' পি। সেই অনুসৰি ১ অক্টোবৰ শুকুৰবাৰৰ পৰা নৱম, একাদশ আৰু স্নাতক মহলাৰ অফলাইন পাঠ্যক্ৰম আৰম্ভ কৰাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছিল।

Advertisment

ইতিমধ্যে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অফলাইন মাধ্যমেৰে ৰাজ্যত আৰম্ভ হৈছেই। বৰ্তমানলৈকে সুস্থিৰ ভাৱেই দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম চলি আছ। ইয়াৰ মাজতে শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা নৱম, একাদশ আৰু স্নাতক মহলাৰ অফলাইন পাঠদানক লৈয়ো আশাবাদী ৰাজ্যৰ সচতেন মহল।

দীৰ্ঘদিন ধৰি কোৰোনাৰ বাবে বন্ধ হৈ আছিল অফলাইন পাঠদান। অনলাইন মাধ্যমেৰে পাঠদান অব্যাহত আছিল যদিও অনলাইন মাধ্যমৰ সুবিধা সকলো শিক্ষাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। দূৰ্বল নেটৱৰ্ক,দুৰ্বৱ অৰ্থনৈতিক অৱস্থাৰ বাবে অনলাইন ক্লাছৰ বাবে প্ৰয়োজনীয় মোবাইল ক্ৰয় কৰিব নোৱাৰাৰ দৰে এনেক সমস্য়াৰ বাবে অলাইন শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আছিল অনেক শিক্ষাৰ্থী।

ইতিধ্যে নৱম, একাদশ আৰু স্নাতক মহলাৰ শিক্ষাৰ্থীসকলৰ বাবে নতুনকৈ সজাই তোলা হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ শ্ৰেণী কোঠা সমূহ। শিক্ষাৰ্থীয়ে সামাজিক দূৰত্ব বজাই ৰাখি শিক্ষাগ্ৰহণ কৰিব পৰাকৈ শ্ৰেণী কোঠাত ব্যৱস্থা কৰা হৈছে। ছেনিটাইজাৰ কৰা হৈছে প্ৰতিটো শ্ৰেণী কোঠা। শিক্ষক, শিক্ষয়ত্ৰীসকলেও গ্ৰহণ কৰিছে দুটাকৈ ভেকছিন।