ধৰ্মপুৰৰ এটা ভোট কেন্দ্ৰত সাংবাদিকৰূপী শিক্ষকৰ প্ৰবেশৰ অপচেষ্টাক লৈ উত্তপ্ত পৰিস্থিতি

ধৰ্মপুৰৰ এটা ভোট কেন্দ্ৰত সাংবাদিকৰূপী শিক্ষকৰ প্ৰবেশৰ অপচেষ্টাক লৈ উত্তপ্ত পৰিস্থিতি

author-image
asomiyapratidin
New Update
ধৰ্মপুৰৰ এটা ভোট কেন্দ্ৰত সাংবাদিকৰূপী শিক্ষকৰ প্ৰবেশৰ অপচেষ্টাক লৈ উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, নলবাৰীঃ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ এটি ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান চলি থকাৰ সময়তে মঙলবাৰে এগৰাকী শিক্ষকে নিজকে সংবাদ মাধ্যমৰ লোক বুলি চিনাকি দি ভিতৰত প্ৰবেশ কৰিবলৈ ওলোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য যে, ১৬৪, ১৬৫ আৰু ১৬৬ নং আমনি নলনা এল পি স্কুলৰ ভোটগ্ৰহন কেন্দ্ৰটোত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি থকা সময়তে জনৈক  বৰ্মন নামৰ শিক্ষকগৰাকীয়ে কেন্দ্ৰটোত প্ৰবেশৰ চেষ্টা চলায়। এইক্ষেত্ৰত শিক্ষকগৰাকীক স্থানীয় একাংশ লোকে ভোট কেন্দ্ৰটোত প্ৰবেশত বাধা প্ৰদান কৰে।

ইফালে তথাকথিত সাংবাদিকগৰাকীয়ে স্থানীয় ৰাইজৰ বাধা প্ৰদানৰ পিছতে নিজকে নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত বুলি দাবী কৰি নিৰ্বাচন আয়োগে প্ৰমাণ পত্ৰ প্ৰদান কৰা বুলিও দাবী কৰে। এনে পৰিস্থিতিত লোকজনৰ সৈতে স্থানীয় ৰাইজৰ সংঘাতৰ সৃষ্টি হয়। পিছত নিৰাপত্তাৰক্ষী আৰু স্থানীয় ৰাইজে শিক্ষকগৰাকীক উক্ত ভোট কেন্দ্ৰটোৰ পৰাই খেদি পঠিয়ায়।