/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/tyag.jpg)
ডিজিটেল সংবাদ, লখিমপুৰ: এগৰাকী বিজেপি মিত্ৰজোঁটৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৷ আনজন বিজেপিৰ যুৱ নেতা আৰু বৰ্তমানৰ বিধায়ক ৷ এই দুই নেতাৰ মাজত বিগত কিছু দিন ধৰি লখিমপুৰত এখন বল প্ৰদৰ্শনৰ যুঁজ অব্যাহত আছে ৷
যুঁজখনৰ সুত্ৰপাত হয় লখিমপুৰ ত্যাগক্ষেত্ৰক লৈ ৷ ২০০৬ চনতে প্ৰাক্তন বিধায়ক উৎপল দত্তই লখিমপুৰত ত্যাগ ক্ষেত্ৰ নামেৰে এক ৰংগমঞ্চ নিৰ্মাণ কৰিছিল সাংসদ পুঁজি আৰু ৰাইজৰ দান বৰঙনিৰে ৷ লখিমপুৰ আৱৰ্ত ভৱনৰ সন্মুখত নিৰ্মাণ কৰা ৰংগমঞ্চ খন মেৰামতিৰ অভাৱত জহি খহি যায় ৷
দীৰ্ঘদিন ধৰি উৎপল দত্ত লখিমপুৰৰ বিধায়ক হৈ থাকিলেও ত্যাগ ক্ষেত্ৰৰ নৱীকৰণ বা মেৰামতিৰ বাবে পদক্ষেপ গ্ৰহণ নকৰিলে ৷ লখিমপুৰৰ অন্যতম ৰাজহুৱা মঞ্চ ত্যাগ ক্ষেত্ৰক নৱ ৰূপ দিয়াৰ স্বাৰ্থত বিধায়ক মানৱ ডেকাই ৩৬ লাখ টকাৰে কাৰ্যপন্থা হাতত লয় ।
সেই অনুসৰি ত্যাগ ক্ষেত্ৰৰ নৱীকৰণ আৰু সৌন্দৰ্য বৰ্ধন সম্পূৰ্ণ হৈছে ।পিছে ত্যাগ ক্ষেত্ৰৰ মঞ্চ আৰু তোৰণ নিৰ্মাণৰ তিনিখন নাম ফলকত বিধায়ক উৎপল দত্তৰ নাম আছিল ৷ কিন্তু নৱীকৰণৰ ফলত মঞ্চৰ নাম ফলক আঁতৰাই দিয়া হ'ল ৷
নৱীকৰণত প্ৰভাৱ পৰিব বুলি ভাৱি সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাই উদ্বোধনী নামফলক লগাবলৈ দিয়া নাই ৷ কিন্তু উৎপল দত্তই পুৰনা নামফলক বিচাৰি হাল্লাবোল আৰম্ভ কৰিছে ৷ ইতিমধ্যে ঠিকাদাৰ আৰু বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্য সচিবক নামফলক বিচাৰি অভিযোগ দিছে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷ যি কোনো মুল্যৰ বিনিময়ত ত্যাগ ক্ষেত্ৰত নাম ফলক লাগে প্ৰাক্তন বিধায়ক উৎপল দত্তক ৷
আৰু পঢ়ক: অন্বেষণৰ এটা জীৱনৰ মহা সমাপ্তি…