/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/424c0af0-ac80-4eeb-8868-d34296bffda9/aatsa.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা আৰু ভাতৃ সংগঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মাজত সৃষ্টি হোৱা মতানৈক্যই তীব্ৰ ৰূপ ধাৰণ কৰিছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আটছাৰ বিৰুদ্ধে আৰু ঝুমুৰ সম্ৰাট তথা পদ্মশ্ৰী দুলাল মানকীৰ বিৰুদ্ধে তুচ্চ-তাচ্ছিল্য মন্তব্য কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কলিয়াবৰ জিলা সমিতিয়ে ।
শুক্ৰবাৰে বিয়লি কলিয়াবৰৰ মিছাত এক সংবাদমেলযোগে আটছাৰ কলিয়াবৰৰ বিষয়- ববীয়াই ভাতৃ সংগঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক তীব্র সমালোচনা কৰে। লগতে ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়নি দিয়ে ।
আটছাৰ প্ৰাক্তন সভাপতি তথা অসম চৰকাৰৰ অসম চাহ নিগমৰ প্ৰাক্তন উপাধ্যক্ষ সীমাঞ্চল দিগালক বৰ্জন কৰা বুলিও আটছাৰ বিষয়-ববীয়াই জানিবলৈ দিয়ে । সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যক সমৰ্থন কৰাৰ বাবেই এই বৰ্জনৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে।
সংবাদমেলত জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ নায়ক,সম্পাদক ধীৰাজ পাটনায়ক , কলিয়াবৰ শাখাৰ সভাপতি প্ৰকাশ গোৱলা,সম্পাদক বিছু তাঁতী আদিয়ে অংশগ্ৰহণ কৰে।
Also Read: কামপুৰত শিশু উদ্যানৰ শুভ উদ্বোধনী অনুষ্ঠান