/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c77b4cff-fbf6-4295-ad96-60edb3603f87/barsapara.jpg)
ডিজিটেল ডেস্ক : আন্ত:ৰাষ্ট্ৰীয় খেলৰ বাবে হাস্যৰসৰ উৎস হৈ পৰিছে গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা খেলপথাৰ । প্ৰথমখন আন্ত:ৰাষ্ট্ৰীয় খেলত বৰষুণৰ বাবে পিটছ হেয়াৰ ড্ৰায়াৰেৰে শুকুৱাৰ প্ৰচেষ্টা কৰাৰ পাছত এইবাৰ ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ শৃংখলাৰ দ্বিতীয় খন খেলত পৰিলক্ষিত হ'ল ফ্লাড লাইটৰ বিসংগতি । প্ৰায় দহ মিনিট সময় কম পোহৰৰ বাবে স্থগিত কৰি ৰাখিব লগীয়া হয় খেল ।
ইয়াৰ পাছতেই এই বিসংগতি সন্দৰ্ভত স্পষ্টীকৰণ দিলে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে । এপিডিছিএল ৰ স্পষ্টীকৰণ অনুসৰি খেলৰ সময়ছোৱাত নিয়মীয়া ভাৱে যোগান ধৰা হৈছিল বিদ্যুতৰ । বিদ্যুত বিভাগৰ তৰফৰ পৰা হোৱা নাছিল কোনো গাফিলতি । অসম ক্ৰিকেট সন্থাৰ অধীনত থকা ফ্লাড লাইটৰ আভ্যন্তৰীণ বিসংগতিয়েহে সৃষ্টি কৰিছিল এই অবাঞ্চিত পৰিস্থিতিৰ ।