মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস : মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন...

দিন-দুপৰতে মহানগৰীৰ মাজমজিয়াত চিলনী চোৰে কাঢ়ি নিলে মহিলাৰ ডিঙিৰ চেইন
city thief
city thief

ডিজিটেল ডেস্ক : মহানগৰীত বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্রাস। বৃহস্পতিবাৰে দিন-দুপৰতে মহানগৰীৰ ৰাজগড়ৰ ১১ নং উপ-পথত সংঘটিত হয় এক ডকাইতি কাণ্ড। পথেৰে গৈ থকা এগৰাকী বৃদ্ধাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে সোণৰ চেইন।

উল্লেখ্য যে এখন বাইকত অহা দুই দুৰ্বৃত্তই মহিলাগৰাকীৰ ডিঙিক পৰা চেইন কাঢ়ি সেই স্থানৰ পৰা পলায়ন কৰে। এই ঘটনা কেৱল আজিৰেই নহয়, দিন দুপৰতে চেইন, পইচাৰ বেগ কাঢ়ি নিয়া ঘটনা সঘনাই সংঘটিত হৈ আহিছে গুৱাহাটী মহানগৰীত। আনহাতে ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে চানমাৰি থানাত ৰুজু কৰে এক গোচৰ। আ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in