ষষ্ঠীৰ নিশা পৰিবহন বিভাগৰ জালত পৰিল বহু সুৰাপায়ী চালক, ভৰিল জৰিমনা...

গুৱাহাটী মহানগৰীত শনিবাৰে নিশা পৰিবহন বিভাগে চলালে অভিযান

author-image
Asomiya Pratidin
New Update
ষষ্ঠীৰ নিশা পৰিবহন বিভাগৰ জালত পৰিল বহু সুৰাপায়ী চালক, ভৰিল জৰিমনা...

guwahati DTO night operation

ডিজিটেল ডেস্ক : শনিবাৰৰ পৰাআৰম্ভ হ'ল দুৰ্গা পূজা। গুৱাহাটী মহানগৰীত শনিবাৰে নিশা পৰিবহন বিভাগে চলালে অভিযান। উল্লেখ্য যে দুৰ্গা পূজাৰ মহাষষ্ঠীৰ পূজাৰ দিনাই গুৱাহাটী জিলা পৰিবহন বিভাগে চলালে এই অভিযান।

ষষ্ঠীৰ নিশা চলোৱা অভিযানত পৰিবহণ বিভাগৰ জালত পৰিল বহু সুৰাপায়ী চালক।সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে পৰিবহণ বিভাগে। কিয়নো দুৰ্গা পূজাৰ পূৰ্বেই ৰাইজক কেতবোৰ নিয়ম মানি চলিবলৈ পৰিবহন বিভাগে নিয়ম জাৰি কৰিছিল।

সেই অনুৰোধ তথা নিয়ম জাৰি কৰাৰ ভিত্তিত ১ অক্টোবৰৰ নিশা মহানগৰীৰ বিভিন্ন প্রান্তত চলোৱা অভিযানত বহু চালকে ভৰিলে জৰিমনা। জৰিমনাৰ পৰা বাচিবলৈ গাড়ী এৰি খোজকাঢ়ি গ’ল একাংশই।

assam police guwahati