গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ ৬ খনকৈ সোণৰ বিস্কুট...

মঙলবাৰে পুৱাৰ ভাগত ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় এই সোণৰ বিস্কুট

author-image
Asomiya Pratidin
New Update
গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ ৬ খনকৈ সোণৰ বিস্কুট...

city railway gold

ডিজিটেল ডেস্ক : গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ কৰা হৈছে ৬ খন সোণৰ বিস্কুট। মঙলবাৰে পুৱাৰ ভাগত ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় এই সোণৰ বিস্কুট। ডিমাপুৰৰ পৰা বিহাৰলৈ বুলি লৈ গৈ থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি ৬ খনকৈ সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয় চৰকাৰী ৰে'ল আৰক্ষীয়ে।

Advertisment

ইতিমধ্যে ৰে'ল আৰক্ষীয়ে আটক কৰে সোণৰ বিস্কুট সৰবৰাহকাৰী এজন লোকক। আটকাধীন লোকজন বিহাৰৰ বুলি জানিব পৰা গৈছে। লোকজনক আটক কৰি তদন্ত আৰম্ভ কৰিছে ৰে'ল আৰক্ষীয়ে।

assam railway station guwahati