/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr-1.jpg)
city murder
ডিজিটেল ডেস্ক : ধুলা কাণ্ডৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে অনুৰূপ ঘটনা সংঘটিত হৈছে মহানগৰীৰ বৰবাৰীত। বৰবাৰীস্থিত প্ৰতীক্ষা হাস্পতালৰ সমীপত বনকৰা কিশোৰীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মৃত কিশোৰীগৰাকীৰ বয়স ১৭ বছৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকা, আৰক্ষীৰ পূৱ জিলাৰ ডি.চি.পি সুধাকৰ সিং, এ.চি.পি হিমাংশু দাস।
আনহাতে, ফ্ৰীংগাল প্ৰিন্ট সংগ্ৰহ কৰিবলৈ চিআইডিৰ ফ্ৰীংগাৰ প্ৰিণ্টৰ দলো উপস্থিত হৈছে ঘটনাস্থলীত। উল্লেখ্য যে যোৱা ১১ জুনত দৰঙৰ ধুলাত সংঘটিত হৈছিল বনকৰা কিশোৰীৰ আত্মহত্যাৰ ঘটনা। সেই ঘটনা মাৰ নাযাওতেই আজি মহানগৰীৰ ভি.আই.পি ৰোডৰ বৰবাৰীত বনকৰা কিশোৰীৰ মৃতদেহ উদ্ধাৰ হয়।
আৰু পঢ়ক : নামখলা আঞ্চলিক ৰাস মহোৎসৱত গ্ৰন্থ উন্মোচন...