১ নৱেম্বৰৰ পৰা গুৱাহাটী মহানগৰীৰ চিটি বাছ সেৱাত প্ৰযোজ্য হ'ল ই-টিকটৰ ব্যৱস্থা...

এতিয়াৰে পৰা যাত্ৰী সকলে চিটি বাছত উঠিলে লাভ কৰিব ই-টিকট
city bus
city bus

ডিজিটেল ডেস্ক : আজিৰে পৰা অৰ্থাৎ ১ নৱেম্বৰৰ পৰা গুৱাহাটী মহানগৰীৰ চিটি বাছ সেৱাত প্ৰযোজ্য হ'ল ই-টিকটৰ ব্যৱস্থা। পূৰ্বে এই বিষয়ে জাননী প্ৰেৰণ কৰা হৈছিল যদিও ১ নৱেম্বৰৰ পৰাহে এই নিয়ম প্ৰযোজ্য হয়। ইয়াৰ লগে লগে এতিয়াৰে পৰা যাত্ৰী সকলে চিটি বাছত উঠিলে লাভ কৰিব ই-টিকট।

উল্লেখ্য যে যাত্ৰীসকলক ই-টিকট প্ৰদান কৰিবৰ বাবে সকলো চিটি বাছসমূহত ই-টিকেটিং মেচিন অধিগ্ৰহণ কৰিবলৈ চিটি বাছসমূহৰ মালিকক নিৰ্দেশ দিয়ে। জিলা পৰিবহণ বিষয়া আৰু কামৰূপ মেট্ৰ'ৰ আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষই সকলো চিটিবাছ মালিকক এক জাননীযোগে এই কথা জনায়।।

৫০০ৰো অধিক চিটি বাছত এই ই–টিকটৰ ব্যৱস্থা থকাৰ লগতে সকলো চিটি বাছতেই  ই–টিকেটিং মেচিন থকাটো বাধ্যতামূলক হ'ব। আনহাতে, এই ই–টিকটত ষ্টপেজ আৰু ভাড়াৰ মূল্য আৰু তাৰিখ উল্লেখ থাকিব আৰু পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰা মূল্যতহে ভাড়া সংগ্ৰহ কৰিব পাৰিব চিটি বাছ সমূহে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in