অবৈধ বিদেশী-স্বদেশীৰ সন্তানৰ নাগৰিকত্ব সম্পৰ্কীয় মহাসংঘৰ গোচৰঃ ৩০ এপ্ৰিলত শুনানি

আমেৰিকা, ইংলেণ্ড আদি পৃথিৱীৰ প্ৰথম শ্ৰেণীৰ দেশ সমূহত বৈধ প্ৰবজিত নাগৰিকৰো  সন্তান জন্ম হ'লে তেনে সন্তানক নাগৰিকত্ব দিয়া নহয় বুলি ঘোষণা কৰিছে ।

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ ১৯৫৫ চনৰ নাগৰিকত্ব আইনত ২০০৩ চনত সংশোধনেৰে ৩(ক) যুক্ত কৰি ২০০৩ চনৰ ভিতৰত অসমত জন্ম গ্ৰহণ কৰা সন্তান এটিৰ অভিভাৱকৰ এজন যদি ভাৰতীয় আৰু আনজন অবৈধ বিদেশী হয় তেতিয়াও সন্তানটিয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ সুবিধা দিছিল। প্ৰকৃততে পাছপৰ্ট আৰু ভিছা লৈ অহা বিদেশী নাগৰিকৰ সন্তান জন্ম হলেহে নাগৰিকত্ব লাভ কৰিব পাৰে ।

Advertisment

আনকি আমেৰিকা, ইংলেণ্ড আদি পৃথিৱীৰ প্ৰথম শ্ৰেণীৰ দেশ সমূহত বৈধ নাগৰিকৰো  সন্তান জন্ম হ'লে নাগৰিকত্ব দিয়া নহয় বুলি ঘোষণা কৰিছে । তেনে ক্ষেত্ৰত অবৈধ বিদেশীৰ ক্ষেত্ৰত এনে ব্যৱস্থা  কৰা কাৰ্য সংবিধান বিৰোধী বুলি অভিহিত কৰি অসম সন্মিলিত মহাসংঘই অসম আন্দোলনৰ শ্বহীদ ৰূপক নাথৰ ককায়েক দীপক কুমাৰ নাথ আৰু প্ৰয়াত সাহিত্যিক বিশ্বেশ্বৰ হাজৰিকাৰ দ্বাৰা ছুপ্ৰিম কৰ্টত তৰা ৩১১/২০১৫ নং গোচৰৰ শুনানী ৩০ এপ্ৰিলত ছুপ্ৰিম কৰ্টৰ ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ নংমেইকাপাম কোটেশ্বৰ সিংহৰ দুজনীয়া বিচাৰপীঠত শুনানী হ'ব বুলি আজি মহাসংঘৰ গোচৰ সমূহৰ পৰিচালক তথা মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে সংবাদ মাধ্যমক জনাইছে ।

অতিশয় পৰিতাপৰ কথা যে ভাৰতীয় ন্যায় ব্যৱস্থাত ঘূণে ধৰিছে বুলি গভীৰ আক্ষেপ কৰি মহাসংঘৰ মূল গোচৰীয়া মতিউৰ ৰহমানে সংবাদ মাধ্যমক এই গোচৰটো ২০১৫ চনৰ পৰা ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত পৰি আছে বুলি কয় ।  তদানীন্তন ন্যায়াধীশ ৰহিনটন ফলী নৰীমান আৰু ন্যায়াধীশ ৰঞ্জন গগৈৰ দুজনীয়া বিচাৰপীঠে মাত্ৰ দুটা শুনানী লৈয়ে সংবিধান উলংঘাৰ গোচৰ ৰূপে বিবেচনা কৰি ২০১৫ চনৰ ২১ জুলাইত ৫ জনীয়া সাংবিধানিক বিচাৰপীঠলৈ চূড়ান্ত বিচাৰৰ বাবে প্ৰেৰণ কৰিছিল ।

বহু আবেদন কৰাৰ পিছটো গোচৰটোৰ শুনানী ছুপ্ৰিম কৰ্টে গ্ৰহণ কৰা নাছিল । শেষত ২০২৪ চনত তদানীন্তন মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বাধীন ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত শুনানীৰ বাবে তালিকাভুক্ত কৰিও শেষত শুনানী গ্ৰহণ নকৰিলে ।

এতিয়া আকৌ সাংবিধানিক বিচাৰপীঠৰ এই গোচৰটো বৰ্তমান ছুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই উল্লিখিত দুজনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে । সাংবিধানিক বিচাৰপীঠত থকা গোচৰ পুনৰ ২/৩ জনীয়া বিচাৰপীঠত বিচাৰ কৰিবলৈ দিয়াটো উচিত হয় নে সেই সম্পৰ্কে ছুপ্ৰিম কৰ্টৰ কিবা নিৰ্দেশনা বা নিয়ম আছে নেকি সেয়া স্পষ্ট নহয় বুলি ৰহমানে সংবাদ মাধ্যমক জনাইছে । ছুপ্ৰিম কৰ্টত মহাসংঘৰ গোচৰৰ ক্ষেত্ৰত ব্যাপক খেলিমেলি চলি আছে । মহাসংঘৰ অধিবক্তা সমীৰণ শৰ্মাই এই গোচৰত মহাসংঘক প্ৰতিনিধিত্ব কৰিব বুলি ৰহমানে জনাইছে ।

উচ্চতম ন্যায়ালয় মহাসংঘ