চি আই ডিৰ বিশেষ জাননী: সজাগ হওঁক ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে...

চি আই ডিৰ বিশেষ জাননী: সজাগ হওঁক ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে...

ডিজিটেল ডেস্ক : অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা (চি আই ডি)ৰ বিশেষ জাননী। ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে সতৰ্ক হ'বলৈ এক জাননী জাৰী কৰিছে চি আই ডিয়ে। জাননী অনুসৰি নিজৰ বেংক একাউণ্টৰ পিন, চিচিভি ক'ড অথবা অ'টিপি শ্বেয়াৰ নকৰিবলৈ আহ্বান চি আই ডিৰ।

ৰাজ্যত শেহতীয়াকৈ দেখা দিয়া ছাইবাৰ অপৰাধ জনিত ঘটনাৰ বাবে এই জাননী জাৰি কৰিছে চি আই ডিয়ে। জাননীত কোনোলোকে ছাইবাৰ অপৰাধীৰ বলি হৈ বেংকৰ টকা সৰকোৱা ঘটনাৰ সন্মুখীন হ'লে অনুসন্ধান শাখাৰ ১৯৩০ নম্বৰত জনাবলৈ আহ্বান জনায়।

উল্লেখ্য যে, শেহতীয়াভাবে চি আই ডিয়ে ছাইবাৰ অপৰাধ জনিত দুটাকৈ গুৰুতৰ অভিযোগ লাভ কৰে । য'ত বিগত এপ্ৰিল মাহৰ ২৮ তাৰিখৰ দিনা তাপচ গুপ্তা নামৰ এজন ব্যক্তিয়ে তেওঁৰ ভাৰতীয় ষ্টেট বেংকত থকা একাউণ্টৰ পৰা ৩৭,৪৬৯.৫৭ টকা হৰলুকি হোৱাৰ কথা অৱগত কৰে। আনহাতে আন এটা গোচৰৰ মতে, মে' মাহৰ ১৮ তাৰিখৰ দিনা মেহবুব হাছান আহমেদ নামৰ ব্যক্তিজনে ১৯৩০ নম্বৰত এক অভিযোগ দাখিল কৰে। ব্যক্তিজনৰ বেংকৰ একাউণ্টৰ পৰাও ৭,৭৮,২৭৪ টকা কোনো ছাইবাৰ অপৰাধীয়ে অনলাইন মাধ্যমেৰে হৰলুকি কৰাৰ কথা চি আই ডিক অৱগত কৰে।

ইয়াৰ পাছতেই এতিয়া অধিক সৰৱ হৈ পৰিছে চি আই ডি। এনে ছাইবাৰ অপৰাধীৰ বলি নহ'বলৈ ৰাইজক সতৰ্ক হোৱাৰ আহ্বান জনাই জাননীখনত।

চি আই ডিৰ বিশেষ জাননী: সজাগ হওঁক ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে...
ড্ৰাগছৰ বিৰুদ্ধে সৰৱ অসম আৰক্ষী: বোকাজানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in