/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/490e8ed5-4cbb-4297-bc6e-78432c4c1969/WEB_THUM_new_dimpul_copy_jpg_bajali.jpg)
ডিজিটেল সংবাদ, বজালীঃCIDৰ জালত বজালীৰ DSP পুস্কল গগৈ। পাটাছাৰকুছি থানাৰ OC অনুপ পাটগিৰিকো আটক কৰা হৈছে।
চুপাৰি ব্যৱসায়ীৰ গোচৰৰ ভিত্তিত আটক কৰা হৈছে আৰক্ষী বিষয়া গৰাকীক।ভৱানীপুৰৰ দুই ASI দেৱজিৎ গিৰি, শশাংক দাসকো কৰা হৈছে আটক।চুপাৰি ব্যৱসায়ীৰ পৰা বৃহৎ পৰিমাণৰ ধন আত্মসাতৰ অভিযোগতেই আটক কৰা হৈছে বজালীৰ SP কাৰ্যালয়ৰ গৃহৰক্ষী জোৱান দ্বীপজয় কলিতাকো।
বজালীৰ DSP পুস্কল গগৈৰ বিৰুদ্ধে আছে APSCত বক্র পথেৰে চাকৰি লোৱাৰো অভিযোগ।ডিব্রুগড় আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীটতো আছে পুস্কল গগৈৰ নাম।
গ্ৰেপ্তাৰিত আৰক্ষীসকলক গুৱাহাটীলৈ অনা হৈছে। বিষয়টো সন্দৰ্ভত সকলো তথ্য ন্যায়িক আয়োগৰ প্রতিবেদন আকাৰে দাখিল কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us