/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/nagaon-3-1.jpg)
ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁৱৰ ইংৰাজী মাধ্যমৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় ৷ ছাত্ৰ-ছাত্ৰী সৰ্বাংগীন বিকাশত গুৰুত্ব প্ৰদান কৰি অহা এইখন বিদ্যালয়ৰ কৰ্তৃপক্ষ তথা শিক্ষাগুৰুসকলে অসমীয়া সংস্কৃতিৰ জ্ঞান বিলোৱাৰ লগতে ইয়াৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত সততে পালন কৰি আহিছে গুৰুত্বপূৰ্ণ ভূমিকা ৷
সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ জ্ঞনোৰ্জন তথা উৎকৰ্ষসাধনৰ স্থলী খ্ৰীষ্টজ্যোতি স্কুল নগাঁৱে মহাপুৰুষ গুৰুজনাৰ সত্ৰীয়া নৃত্য-গীতৰ লগতে একশৰণ নাম ধৰ্ম, জাতীয় উৎসৱ বিহু, বিভিন্ন জাতি, জনগোষ্ঠীৰ বাৰেৰহনীয়া সংস্কৃতি তথা অন্যান্য অসমীয়া কৃষ্টি প্ৰশিক্ষণ, পৰিবেশণ আৰু প্ৰদৰ্শনৰ জৰিয়তে অসম আৰু অসমীয়া জাতিৰ প্ৰতি থকা তেওঁলোকৰ দায়বদ্ধতা অতি সুন্দৰ আৰু সাৱলীলভাৱে প্ৰকাশ কৰি অহা পৰিলক্ষিত হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/bd9416c9-c601-4fa6-8d30-ccc6e033f6b4-1024x473.jpg)
প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত স্থান লাভ কৰি অহা এইখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ শৈক্ষিক পৰিবেশ শলাগ লবলগীয়া ৷ ছাত্ৰ-ছাত্ৰীক পাঠদানৰ লগতে খেলা-ধূলা, শাৰীৰিক ব্যায়াম, স্কাউট-গাইড, গীত-নৃত্য-বাদ্য আদিৰ প্ৰশিক্ষণ প্ৰদানৰ লগতে বিশেষ ভাৱে চৰিত্ৰ গঠনৰ ক্ষেত্ৰত প্ৰি-নাৰ্চাৰীৰ পৰাই বিশেষ গুৰুত্ব প্ৰদান কৰা বিষয়টোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷
২০২২ শৈক্ষিক বৰ্ষৰ ভিতৰতে ইতিমধ্যে অনুষ্ঠিত হোৱা ৰঙালী উৎসৱত ১১১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহনেৰে বিহু নৃত্য পৰিবেশন, বিজ্ঞান আৰু কলা-সংস্কৃতি প্ৰদৰ্শনী আদিয়ে সকলোকে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছিল ৷ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গুৰু আসন নিৰ্মাণ আৰু প্ৰদৰ্শন, ভাওঁনা প্ৰদৰ্শন, মুখাশিল্প নিৰ্মাণ আৰু প্ৰদৰ্শন, অসমীয়া সাজপাৰ, আ-অলংকাৰ প্ৰদৰ্শন, অসমীয়া লোকবাদ্য প্ৰদৰ্শন, পৰম্পৰাগত খাদ্যসম্ভাৰ পৰিবেশন আৰু প্ৰদৰ্শনৰ দ্বাৰা জাতীয় কলা-কৃষ্টি, সাহিত্য-সংস্কৃতিৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক সজাগ আৰু আকৰ্ষিত কৰা কাৰ্য সঁচাকৈ শলাগনীয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/cc320983-f5a7-4935-8bb6-451e71b9540d-1024x473.jpg)
৩ আৰু ৪ ছেপ্তেম্বৰত খ্ৰীষ্টজ্যোতি স্কুল নগাঁৱে উদযাপন কৰে 'যুৱ সমাৰোহ ২০২২' ৷ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন শিতানত অনুষ্ঠিত হয় প্ৰতিযোগিতা ৷ নগাঁও জিলাৰ কেইবাগৰাকীও বিশিষ্ট শিল্পী-সাহিত্যিকৰ উপস্থিতিত প্ৰথম দিনা পুৱাই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়খনৰ অধ্যক্ষ ফাডাৰ বেনীয়ে ৷
শুভাৰম্ভ অনুষ্ঠানলৈ আমন্ত্ৰিত অতিথিসকলক ছাত্ৰ-ছাত্ৰীসকলে বিহু নৃত্যৰে আদৰনি জনায় ৷ ইয়াৰ পিছতে দেৱবাদ্যৰ মাংগলিক ধ্বনিৰ মাজৰে বন্তি প্ৰজ্বলন কৰা হয় ৷ মঞ্চ উদ্বোধন কৰা হয় ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা অনুপম সত্ৰীয়া নৃত্যৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/0fe0bfdb-46e0-4783-a238-6a6fda045c34-1024x768.jpg)
দুয়োটা দিনতে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগুৰুসকলৰ পৰামৰ্শ আৰু সহযোগিতাত বিভিন্ন প্ৰতিযোগিতাত অতি নিষ্ঠা, একাগ্ৰতা আৰু শৃংঙ্খলাবদ্ধতাৰ মাজেৰে অংশগ্ৰহণ কৰে ৷ আজি যুৱ সমাৰোহৰ বিভিন্ন শিতানৰ পুৰস্কাৰসমূহ বিদ্যালয় কতৃপক্ষই ঘোষণা কৰাত বিজয়ী প্ৰতিযোগীসকলৰ মাজত ব্যাপক আনন্দ উৎসাহ দেখিবলৈ পোৱা যায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/d4aa006c-ee1b-4b74-ba7c-b6992b7eaa21-579x1024.jpg)
ইপিনে মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ শ্ৰীশ্ৰী শ'লগুৰি সত্ৰৰ পঞ্চম শ্ৰেনীৰ ছাত্ৰী নিদৰ্শণা কলিতাই যুৱ সমাৰোহত তিনিটা শিতানত অংশগ্ৰহণ কৰি তিনিওটাতে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ৷ খ্ৰীষ্টজ্যোতি বিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে শাস্ত্ৰীয় নৃত্য শিতানত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি প্ৰথম স্থান লাভ কৰাত বটদ্ৰৱা শ্ৰীশ্ৰী শ'লগুৰি সত্ৰৰ সত্ৰাধিকাৰ তথা শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ন দেৱ মহন্তই সন্তোষ প্ৰকাশ কৰি আৰ্শীষ নিৰ্মালি প্ৰদান কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/a81f1080-e099-47bd-b6cf-69d226d38175-1024x576.jpg)
নিদৰ্শনাই আন দুটা শিতানতো ক্ৰমে প্ৰথম আৰু তৃতীয় স্থান লাভ কৰি উজ্বলি উঠিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে বিগত বৰ্ষতো নিদৰ্শণাই শাস্ত্ৰীয় নৃত্য শিতানত সত্ৰীয়া নৃত্য পৰিৱেশন কৰি প্ৰথম পুৰস্কাৰ লাভ কৰিছিল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/ad1d6f7a-1d55-402d-be8b-eb11beb75dc6.jpg)