মাছৰ ব্যৱসায়ৰ চলেৰে ড্ৰাগছৰ বেহা ! আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চোৰাব খানক…

মাছৰ ব্যৱসায়ৰ চলেৰে ড্ৰাগছৰ বেহা ! আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চোৰাব খানক…

author-image
asomiyapratidin
New Update
মাছৰ ব্যৱসায়ৰ চলেৰে ড্ৰাগছৰ বেহা ! আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চোৰাব খানক…

ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰ আৰক্ষীয়ে এটা ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ শিৱসাগৰ চহৰৰ দৰবাৰ ৰোড অঞ্চলত মাছৰ ব্যৱসায়ৰ চলেৰে ড্ৰাগছৰ ব্যৱসায় চলাই থকা এই কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম চোৰাব খান ৷

Advertisment

উত্থাপিত অভিযোগ অনুসৰি চোৰাব খানৰ লগতে আন কেইবাটাও ড্ৰাগছ বেপাৰীয়ে বিভিন্ন স্থানৰ পৰা ড্ৰাগছ ক্ৰয় কৰি আনি শিৱসাগৰ চহৰৰ বাবুপট্টি, ধাইআলি সহিতে অনেক স্থানত বিক্ৰী কৰে ৷ এই ড্ৰাগছ বেপাৰীৰ বাবে শিৱসাগৰ চহৰৰ বাবুপট্টি অঞ্চলৰ সামাজিক পৰিবেশ বিনষ্ট হৈছে ৷

ড্ৰাগছ ক্ৰয় কৰিবলৈ ধনৰ অভাৱ হলেই একাংশ যুৱকে অঞ্চলটোৰ জনসাধাৰণৰ ঘৰৰ সামগ্ৰী চুৰি কৰি বিক্ৰী কৰা ৷ শিৱসাগৰ পৌৰসভাই বাবুপট্টি মছজিদৰ সমীপত ৰখাই থোৱা গাড়ীত উঠি নিশাৰ ভাগত পুতুল, জুহিব,চনু, প্ৰিয়াংকুকে ধৰি একাংশই ড্ৰাগছ সেৱন কৰি পৰিবেশ বিনষ্ট কৰিছে ৷

উল্লেখ্য যে যোৱা ১৮ টা দিন ধৰি ড্ৰাগছ বেপাৰী চোৰাব খান পলাতক অৱস্থাত থকাৰ পিছত যোৱা নিশা চহৰৰ মাজমজিয়াত এটা ভাড়া ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ বিগত ১৭ আগষ্টৰ দিনা শিৱসাগৰ আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ সহযোগত দুটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছিল ৷

সেই সময়ত দুয়োটা ড্ৰাগছ ব্যৱসায়ীয়ে মাছৰ ব্যৱসায়ৰ চলেৰে নগাওঁ জিলাৰ পৰা ড্ৰাগছ আনি শিৱসাগৰত এই বেহা চলাই থকাৰ তথ্য লাভ কৰিছিল ৷কিন্তু আৰক্ষীয়ে অভিযান চলোৱাৰ পূৰ্বেই চোৰাব খানে পলায়ণ কৰিবলৈ সক্ষম হৈছিল ৷

অৱশেষত যোৱা নিশা এজন বন্ধুৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাতেই চোৰাবক জালত পেলাবলৈ সক্ষম হয় ৷আজি বিয়লি চোৰাবক আদালতত হাজিৰ কৰাত আদালতে জেললৈ প্ৰেৰণ কৰে ৷ জনসাধাৰণে বাবুপট্টিৰ ড্ৰাগছ আসক্ত তথা সামাজিক বাতাবৰণ বিনষ্ট কৰা চক্ৰটোৰ ক্ষেত্ৰত আৰক্ষীক কঠোৰ হোৱাৰ আহ্বান জনাইছে ৷