ঘৰে ঘৰে গৈ পুনঃৰ্নিৰীক্ষণ কৰা হ’ব অৰুণোদয় আচঁনিৰ হিতাধিকাৰী তালিকা নাম…

ঘৰে ঘৰে গৈ পুনঃৰ্নিৰীক্ষণ কৰা হ’ব অৰুণোদয় আচঁনিৰ হিতাধিকাৰী তালিকা নাম…

ডিজিটেল সংবাদ, চিৰাং : বিটিআৰ এলেকাত অৰুণোদয় আঁচনিৰ এশ দিন উপলক্ষ্যে আৰু অৰুণোদয় আচঁনিৰ হিতাধিকাৰীৰ তালিকা আসোঁৱাহমুক্ত কৰি সফল ৰূপায়ন কৰাৰ লক্ষ্যৰে চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে কাজলগাঁৱত এক কৰ্মশালা আয়োজন কৰা হয়। কাজলগাঁও হাইস্কুল প্ৰেক্ষাগৃহত আয়োজিত এই কৰ্মশালাত উপস্থিত থাকে চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, জিলা উপায়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডী, অতিৰিক্ত উপায়ুক্ত নিৰ্মালী বৰুৱা সহ জিলা গ্ৰামোন্নয়ন বিভাগৰ বিষয়া – কৰ্মচাৰীৰ লগতে অন্যান্য বিভাগৰ কৰ্মচাৰী আৰু কলেজীয়া ছাত্ৰী সকল অংশগ্ৰহণ কৰে ।

আজিৰ এই কৰ্মশালাত জিলাখনৰ ২৮,০০০ হেজাৰ অৰুণোদয় আচঁনিৰ হিতাধিকাৰীৰ তালিকা পুনঃৰ্নিৰীক্ষণ কৰি এখন আসোঁৱাহমুক্ত হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হব তাৰ ওপৰত দৃশ্যশ্ৰাৱ্য মাধ্যমেৰে প্ৰশিক্ষণ আগবঢ়াই সহকাৰী আয়ুক্ত কুশল কলিতাই।জিলাখনৰ অৰুণোদয় আচঁনিৰ হিতাধিকাৰীৰ তালিকা পুনঃৰ্নিৰীক্ষণ কৰিবলৈ প্ৰত্যেকটো ভিচিডিচি এলেকাত এজন চৰকাৰী বিষয়াৰ তত্ত্বাৱধানত চাৰিজনীয়া কলেজীয়া ছাত্ৰ ছাত্ৰী সদস্য থাকিব।

পাঁচজনীয়া দলটো দুটা ভাগত বিভক্ত হৈ এখন ভিচিডিচি এলেকাৰ ঘৰে ঘৰে গৈ হিতাধিকাৰীৰ তালিকা নিৰীক্ষণৰ কাম কৰিব। উল্লেখ যে ইয়াৰ বাবে চিৰাং জিলা প্ৰশাসনৰ পৰা কাজলগাঁও আৰু বিজনীৰ মহকুমাত দুটা পৃথক পৃথক দল গঠন কৰিছে । কাজলগাঁও মহকুমাৰ দলটো বিজনী মহকুমা এলেকাত কাম কৰিব আৰু বিজনী মহকুমাৰ দলটো কাজলগাঁও এলেকাত পুনঃৰ্নিৰীক্ষণ কৰিব বুলি অতিৰিক্ত উপায়ুক্ত নিৰ্মালী বৰুৱাই সংবাদ মাধ্যমৰ আগত সদৰি কৰে। উল্লেখ্য যে অসমৰ অন্যান্য জিলাৰ তুলনাত বিটিআৰ এলেকাত এটা বছৰ পিছত অৰুণোদয় আচঁনিৰ ৰূপায়নৰ আৰম্ভ হৈছে ।

কিন্তু চিৰাং জিলাত অৰুণোদয় আচঁনিৰ হিতাধিকাৰী বাচঁনিৰ ক্ষেত্ৰত ব্যাপক হাৰত স্বজন তোষন আৰু খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছিল । অৰুণোদয় আচঁনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনাক উলঙ্ঘন কৰি দৰিদ্ৰ তথা দুখীয়া মহিলা সকলক বঞ্চিত কৰি একাংশ আৰ্থিক দিশত স্বচ্ছল আনকি চৰকাৰী চাকৰিয়াল থকা পৰিয়ালৰ মহিলা সদস্য সকলৰ নাম তালিকাত সন্নিবিষ্ট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

এই সন্দৰ্ভত চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে কয় যে আজিৰ এই কৰ্মশালাৰ জৰিয়তে যি এক পদক্ষেপ হাতত লোৱা হৈছে এয়া সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ বুলি অভিহিত কৰে আৰু ইয়াৰ দ্বাৰাই ৰাইজৰ অভিযোগ সমূহ নিষ্পত্তি কৰি উপযুক্ত হিতাধিকাৰী বাচনি কৰিব পাৰিব । যাৰ ফলত সচাঁ অৰ্থত দুখীয়া আৰু দৰিদ্ৰ ঘৰৰ মহিলা সকলে অৰুণোদয় আচঁনিৰ দ্বাৰা লাভান্বিত হ'ব বুলি মন্তব্য কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in